ভাৰতীয় সেনাৰ লেফটেনেন্ট পদত বোকাখাতৰ আকাশ শ্ৰৱন ঘোষক নিযুক্তি : বেকাখাতত আনন্দ :

ভাৰতীয় সেনাৰ লেফটেনেন্ট পদত বোকাখাতৰ আকাশ শ্ৰৱন ঘোষক নিযুক্তি  : বেকাখাতত আনন্দ :
Photo : Uttam Saikia
ভাৰতীয় সেনাৰ লেফটেনেন্ট পদত বোকাখাতৰ আকাশ শ্ৰৱন ঘোষক নিযুক্তি  : বেকাখাতত আনন্দ :

ভাৰতীয় সেনাৰ লেফটেনেন্ট পদত বোকাখাতৰ আকাশ শ্ৰৱন ঘোষক নিযুক্তি  : বোকাখাতত আনন্দ : 


AIIDESH NEWS. 14 June : 


ভাৰতীয় সেনাবাহিনীৰ  শীৰ্ষ বিষয়াৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সেনাবাহিনীত লেফটেনেন্ট ৰূপে নিযুক্তি লাভ কৰিছে বোকাখাতৰ যুৱক আকাশ শ্ৰৱন ঘোষে ৷ ডেৰাদুনৰ নেচনেনেল ডিফেন্স একাডেমীৰ পৰা উত্তীৰ্ণ আকাশ শ্ৰৱন ঘোষে অৰুণাচল প্ৰদেশৰ টেঙ্গা ভেলীত ১৪ ৰাজপুতনা ৰাইফলচৰ লেফটেনেন্ট হিচাপে নিযুক্ত দিছে ভাৰতীয় সেনা বিভাগে ৷ লেফটেনেণ্ট পদত নিযুক্তিৰে বোকাখাতৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা আকাশ শ্ৰৱন ঘোষ  বোকাখাত টাউন হাইস্কুলৰ শিক্ষক সুনীল কুমাৰ ঘোষ আৰু জয়া ঘোষৰ জেষ্ঠ পুত্ৰ ৷ বোকাখাতৰ যুৱক আকাশ শ্ৰৱণ ঘোষে অতি কম বয়সতে ভাৰতীয় সেনা বাহিনীৰ লেফটেনেণ্ট পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱাত গৌৰৱান্বিত হৈ পৰিছে সমগ্ৰ বোকাখাতবাসী ৷ বোকাখাতৰ খ্ৰীষ্টজ্যোতি স্কুলৰ প্ৰাক্তন ছাত্ৰ  আকাশ শ্ৰৱনে সপ্তমমান শ্ৰেণীতেই  ডেৰাদুনত ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজ ৰ সৰ্বভাৰতীয় বাছনি পৰীক্ষাত যোগ্যতা অৰ্জন কৰি দেশৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিছিল আৰু ২০১১ চনত মিলিটাৰী কলেজৰ অষ্টম শ্ৰেণীত যোগদান কৰিছিল ৷ ২০১৬ চনত ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজৰ পৰা দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উতীৰ্ণ হোৱাৰ লগতে শ্বৰ্ড অৱ অনাৰ সন্মানেৰে কলেজখনৰ ভিতৰত শ্ৰেষ্ঠ কেডেট হিচাবে নিৰ্বাচিত হৈছিল ৷ পৰৱৰ্তী সময়ত আকাশ শ্ৰৱনে পুণে ভাৰতীয় সেনাৰ সন্মানীয় শিক্ষানুষ্ঠান নেশ্যনেল ডিফেন্স একাডেমিত অংশগ্ৰহন কৰে ৷  ইয়াৰ পাচত মিলিটাৰী একাডেমিত অত্যাধুনিক মিছাইল প্ৰযুক্তিৰ এটা এবছৰীয়া প্ৰশিক্ষণ সমাপ্ত কৰি ১৩ জুনৰ দিনা একাডেমিৰ শিক্ষান্ত অনুষ্ঠানত লেফটেনেণ্ট পদত নিযুক্তি লাভ কৰে আকাশ শ্ৰৱণ ঘোষে ৷ ডেৰাডুনৰ সেনা বাহিনীৰ বিশেষ সমাৱৰ্তন সমাৰোহত আকাশক লেফটেনেন্ট হিচাবে নিযুক্তি দিয়া হয় ৷ সৰুৰেপৰা মেধাৰ পৰিচয় দিবলৈ সক্ষম হোৱা আকাশ শ্ৰৱন আছিল অত্যন্ত অনুশাসনশীল ৷  পুত্ৰই ভাৰতীয় সেনা বিষয়া হিচাবে নিৰ্বাচিত হোৱাত আকাশ শ্ৰৱনৰ পিতৃ-মাতৃয়ে আকাশ শ্ৰৱনৰ সকলো শিক্ষাগুৰু আৰু শুভাকাংক্ষীক কৃতজ্ঞতা জনায় ৷ উল্লেখযোগ্য যে, আকাশৰ  একমাত্ৰ ভাতৃ অমন বিশাল ঘোষও বৰ্তমান ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজৰ ছাত্ৰ হিচাপে অধ্যয়নৰত ৷