গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত কৰোণাতংক

গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত কৰোণাতংক

গুৱাহাটীত এতিয়া কৰোণা ভাইৰাছৰ আতংক। গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ আবাসী কৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতে গুৱাহাটীত এতিয়া তীব্ৰ আতংকই বিৰাজ কৰিছে ।

২৫ দিনৰ পূৰ্বে দিল্লীৰ পৰা উভতি আহিছিল লোকজন। প্ৰথম ১৪ দিনত দেহত ধৰা পৰা নাছিল কোনো ধৰণৰ কৰোণাৰ লক্ষণ। কৰোণাৰ লক্ষণ দেখা দিয়াৰ পাছতে সৰুসজাই কোৱাৰেণ্টাইন কক্ষত ৰখা হৈছিল লোকজনক।

শেহতীয়াকৈ পৰীক্ষাত কৰোণা ভাইৰাছৰ অৱস্থিত ধৰা পৰাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে ৷