মাস্কত এসপ্তাহলৈ কৰ’না ভাইৰাছ সক্রিয় হৈ থাকে

মাস্কত এসপ্তাহলৈ কৰ’না ভাইৰাছ সক্রিয় হৈ থাকে
মাস্কত এসপ্তাহলৈ কৰ’না ভাইৰাছ সক্রিয় হৈ থাকে

সমগ্র বিশ্বতে ত্রাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছ মুখত পিন্ধা মাস্কত এসপ্তাহ পর্যন্ত সক্রিয় হৈ থাকিব পাৰে আৰু সংক্রমিত হ’ব পাৰে৷ হংকং বিশ্ববিদ্যালয়ৰ গৱেষকসকলে চলোৱা এটা অধ্যয়নৰ পৰা এই কথা কোৱা হৈছে৷ বিশ্ববিদ্যালয়খনৰ গৱেষকসকলৰ মতে, বেংকৰ ন’ট, ষ্টীল আৰু প্লাষ্টিকৰ পৃষ্ঠত কেইবাদিনলৈ সক্রিয় হৈ থাকি এই ভাইৰাছ সংক্রমিত হ’ব পাৰে৷

তেওঁলোকৰ মতে, ঘৰত ব্যৱহাৰ কৰা কীটাণুনাশক, ব্লীচ বা চাবোনেৰে বাৰে বাৰে হাত ধুলে এই ভাইৰাছ মৰিব৷ অধ্যয়নটোৰ পৰা গৱেষকসকলে জানিব পৰা মতে প্লাষ্টিক আৰু ষ্টীলৰ পৃষ্ঠত কৰ’না ভাইৰাছ চাৰিদিনলৈ লাগি থাকিব পাৰে৷

ইয়াৰ উপৰি মুখত পিন্ধা মাস্কৰ বাহিৰৰ অংশটোত এই ভাইৰাছ এসপ্তাহ বা তাতকৈ অধিক দিন সক্রিয় হৈ থাকিব পাৰে৷ আনহাতে ছপা কাগজত আৰু টিছু পেপাৰত এই ভাইৰাছ তিনি ঘণ্টা, কাঠ বা কাপোৰত এদিনলৈ, কাচত চাৰিদিনলৈ এই ভাইৰাছ জীয়াই থাকিব পাৰে৷