বৃদ্ধি হ’ব পাৰে লকডাউনৰ সময় – সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী

বৃদ্ধি হ’ব পাৰে লকডাউনৰ সময় – সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী
বৃদ্ধি হ’ব পাৰে লকডাউনৰ সময়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৰোণা ভাইৰাছৰ বাবে দেশজুৰি লকডাউনৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিক লৈ বুধবাৰে লোকসভা আৰু ৰাজ্যসভাৰ বিৰোধীৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ সৈতে আলোচনা কৰে। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হোৱা সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কোৰোণা ভাইৰাছৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱত সকলোৱে বিচাৰে যে ১৪ এপ্ৰিলত লকডাউন শেষ কৰা হওক। মোদীয়ে কয় যে এই সম্পৰ্কত মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিব কিন্তু লকডাউন শীঘ্ৰে উঠাও ল’লে বিপদ হ’ব পাৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে কোৰোণা ভাইৰাছৰ পূৰ্বে আৰু ইয়াৰ পিছত জীৱন নিশ্চয় একে নাথাকে। মোদীয়ে ৰাজনৈতিক নেতাসকলক কয় যে কোৰোণা ভাইৰাছ শেষ হোৱাৰ পিছত বহু ব্যৱহাৰিক, সামাজিক তথা ব্যক্তিগত পৰিৱৰ্তন আহিব।

এই বৈঠকত অংশগ্ৰহণ কৰে লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, ৰাজ্যসভাৰ বিৰোধী নেতা গোলাম নবী আজাদ, শিৱসেনাৰ সঞ্জয় ৰাউট, তৃণমূল কংগ্ৰেছৰ সুদীপ বেনাৰ্জী, বহুজন সমাজবাদী পাৰ্টীৰ সতীশ চন্দ্ৰ মিশ্ৰ, জেডিইউৰ ৰাজীৱ ৰঞ্জন সিং, ৱাই এছ আৰৰ মিথুন ৰেড্ডী, সমাজবাদী পাৰ্টীৰ ৰামগোপাল যাদৱকে ধৰি বহুকেইগৰাকী নেতা।