অসমত কোৰোণাত আক্ৰান্তৰ সংখ্যা ৩২ লৈ বৃদ্ধি
                        অসমত বাঢ়িয়েই আছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। এতিয়ালৈকে অসমত ৩২জনৰ শৰীৰত ধৰা পৰিছে কোৰোণাৰ আৱস্থিতি। এইবাৰ ধুবুৰীৰ এগৰাকী মহিলা আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত। মহিলাগৰাকী নিজামুদ্দিন মাৰ্কাজ আৰু গুৱাহাটী আঠগাঁৱৰ কবৰস্থান মছজিদত হোৱা সমাৱেশত অংশগ্ৰহণ কৰাৰ পিছত কোৰোণাত আক্ৰান্ত হোৱা এগৰাকী ব্যক্তিৰ পত্নী বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখযোগ্য যে, কোৰোণাত আক্ৰান্ত হোৱা মহিলাগৰাকীৰ নাম ৰছিদা খাতুন। ধুবুৰীৰ বিলাসীপাৰা হাকামা গাঁৱৰ ৰহিম উদ্দিনৰ পত্নী ৰছিদা খাতুন।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
