বিশ্ব জুন'চিচ দিৱস : বোকাখাতত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত বাটৰ নাট প্ৰদৰ্শন :

 

বিশ্ব জুন'চিচ দিৱস : বোকাখাতত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত বাটৰ নাট প্ৰদৰ্শন  : 

Aiidesh News : 6 July 2023 : 

বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ লগত ৬ জুনৰ দিনা বোকাখাততো ২০২৩ চনৰ বিশ্ব জুন'চিচ দিৱস উদযাপন কৰা হয় ৷ বিশ্ব জুন'চিচ দিৱস উপলক্ষে গোলাঘাট জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত বোকাখাতৰ মহকুমা পশুপালন আৰু পশু চিকিৎসা বিভাগে বোকাখাত চহৰত সৰ্বসাধাৰণৰ মাজত জুন'চিচ ৰোগ আৰু জলাতংক ৰোগ প্ৰতিৰোধৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ এখন বাটৰ নাট পৰিৱেশন কৰে ৷ বোকাখাতত থকা পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়ক বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী আৰু ক্ষেত্ৰ সহায়ক সকলে এই বাটৰ নাটত অভিনয় কৰে ৷ অনুষ্ঠানৰ আৰম্ভনীতেই গোলাঘাট জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়া ডা৹ সত্যদত্ত চৌধুৰীয়ে আনুষ্ঠানিক ভাৱে বাটৰ নাট উদ্বোধন কৰি সকলোকে জলাতংক ৰোগৰ প্ৰতিৰোধ অভিযানত সহযোগ কৰিবৰ বাবে আহ্বান জনায় ৷ অনুষ্ঠানত বিভাগটোৰ যুটীয়া সঞ্চালক ডা৹ দিপক দৰৱধৰা আৰু বোকাখাতৰ ভাৰপ্ৰাপ্ত মহকুমা পশু চিকিৎসা বিষয়া ডা৹ দেৱব্ৰত ফুকনো উপস্থিত থাকে ৷ বাটৰ নাটখনৰ যোগেদি এক পৃথিবী , এক স্বাস্থ্য আৰু জুন'চিচ ৰোগ  প্ৰতিৰোধৰ বাবে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰে ৷

******************