কাৰবি আংলং আৰক্ষীৰ বৃহৎ সাফল্য ঃ গুৱাহাটীৰ পৰা কেইবাখনো চুৰি গাড়ী, মটৰ চাইকেল সহ চাৰি দূৰ্ধৰ্ষ গাড়ী চোৰ আটক

কাৰবি আংলং আৰক্ষীৰ বৃহৎ সাফল্য ঃ গুৱাহাটীৰ পৰা কেইবাখনো চুৰি গাড়ী, মটৰ চাইকেল সহ চাৰি দূৰ্ধৰ্ষ গাড়ী চোৰ আটক

গাড়ী চুৰি চক্ৰৰ এক বৃহৎ ৰেকেটক আটক কৰিবলৈ সক্ষম হৈছে কাৰবি আংলং আৰক্ষীয়ে ৷  এখন চুৰি গাড়ী উদ্ধাৰৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষী থানাত ৰুজু হোৱা ভাৰতীয় দণ্ডাবিধি আইনৰ ৩৭৯/৪১১/৪৬৮ ধাৰাত ১৮/২০ নং গোচৰত আৰক্ষীৰ অভিযানত এখন ডাম্পাৰ উদ্ধাৰ কৰাৰ লগতে চালক প্ৰশান্ত সিঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে উদ্ধাৰ হোৱা টাটা ডাম্পাৰখনৰ দুখন বেলেগ বেলেগ নম্বৰ প্লেট আছিল৷ ইয়াৰ পাছতে চালকক কৰা জেৰাত গাড়ী চুৰি চক্ৰৰ লগত জড়িত থকাৰ কথা পোহৰলৈ আহে৷ এই গাড়ী চুৰি চক্ৰটো গুৱাহাটীৰ পৰা নিয়ন্ত্ৰিত বুলি জানিব পৰা গৈছে৷ ইয়াৰ পাছতে  কাৰবি আংলঙ জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নিৰ্দেশ মৰ্মে মাঞ্জা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাসহ এটা দল গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷
এই অভিযানকাৰী দলটোৱে সফলতাৰে অভিযান চলাই চক্ৰটোৰ মূল নায়ক ৰাজীৱ সিঙক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে এইজন ৰাজীৱ সিঙে গুৱাহাটীৰ প্ৰতিক্ষা হাস্পতালৰ পিছফালে এটা অতিথিশালা চলাই আছে৷ এই স্থানৰ পৰা আৰক্ষীয়ে এখন ৰয়েল এণ্ডফিল বাইকো উদ্ধাৰ কৰে৷
উল্লেখ্য যে এই বাইকখন আব্দুল নামৰ এক ব্যক্তিয়ে মাঞ্জাৰ পৰা চুৰি কৰিছিল৷ এই চোৰটোকো আৰক্ষীয়ে কৰায়ত্ত কৰে৷ আনহাতে ৰাজীৱে স্বীকাৰ কৰে যে অজয় বিশ্বাস নামৰ আন এক ব্যক্তি এই চুৰি কাণ্ডত জড়িত আছে৷ এই অজয় বিশ্বাসে চুৰি ডাম্পাৰখন অৰ্পণ কৰিছিল৷ মহানগৰীৰ অপৰাধ শাখাই এই অভিযানত মাঞ্জা আৰক্ষীক সহযোগ কৰে আৰু  অজয় বিশ্বাসক কৰায়ত্ত কৰে৷ আনহাতে অজয় বিশ্বাসৰ নেতৃত্বত চুৰি কৰা আন তিনিখন গাড়ী উদ্ধাৰ কৰা হয়৷ উদ্ধাৰ হোৱা গাড়ীকেইখনৰ দুখন  ক্ৰীটা আৰু এখন বলেৰো গাড়ী৷ এই গাড়ী প্ৰতিক্ষা হাস্পতালৰ কাষৰ আন এটা অতিথিশালাৰ পৰা উদ্ধাৰ কৰে৷ এই সম্পূৰ্ণ অভিযানত মুঠ চাৰিখন গাড়ী আৰু এখন মটৰচাইকেল উদ্ধাৰ কৰাৰ লগতে চুৰিত জড়িত চাৰি ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত চোৰ কেইটা ক্ৰমে, প্ৰশান্ত সিঙ, ৰাজীৱ সিঙ,  আব্দুল আৰু অজয় বিশ্বাস ৷ এই দেশ ডিফু ।