বোকাখাতৰ ডিফলু নদীৰ পাৰত অবাধ খনন একাংশ লোকৰ : বিপদাগ্ৰস্ত ডিফলু নদী উপত্যকা : পকী দলং , জৈৱ বৈচিত্ৰতা আৰু পাৰিপাৰ্শ্বিকতাৰ বাবে ভাবুকি : সলনি হ'ব পাৰে নদীৰ গতিপথো :

বোকাখাতৰ ডিফলু নদীৰ পাৰত অবাধ খনন একাংশ লোকৰ  : বিপদাগ্ৰস্ত ডিফলু নদী উপত্যকা : পকী দলং , জৈৱ বৈচিত্ৰতা আৰু পাৰিপাৰ্শ্বিকতাৰ বাবে ভাবুকি  : সলনি হ'ব পাৰে নদীৰ গতিপথো  :
Aiidesh Photo

Aiidesh News  : 3 February 2024 : 

কাৰ্বি পাহাৰৰ পৰা ওলায় কাজিৰঙা ৰাষ্ট্ৰাীয় উদ্যানৰ ঠিক মাজেৰে প্ৰৱাহিত হৈ ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত ব্ৰহ্মপুত্ৰত পৰিছে গৈ ডিফলু নদী ৷ যাৰ বাবে ডিফলু নদী কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে অতি প্ৰয়োজনীয় জীৱনদায়িনী হিচাবে পৰিগনিত ৷ কাৰ্বি পাহাৰৰ পৰা ওলায় বোকাখাত উপ জিলাৰ বিভিন্ন অঞ্চলেৰে প্ৰৱাহিত হৈ ৰাষ্ট্ৰীয় পথ অতিক্ৰমি কাজিৰঙা প্ৰৱেশ কৰিছে ডিফলুয়ে ৷ কাৰ্বি পাহাৰৰ নামনিৰ আৰু বোকাখাতৰ বৰভেটা গাওঁ, ঢেকীয়াপথাৰ আৰু খেৰিয়া গাওঁ হৈ লতাবাৰীলৈকে এই অংশচোৱাত একাংশ লোকে নদীখনৰ পাৰৰ মাটি খনন কৰাৰ বাবে ডিফলু নদীৰ লগতে ইয়াৰ পাৰত বাসকৰা জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ অঞ্চলটোত চলি থকা এই খনন কাৰ্যই যিকোনো সময়তে নদীৰ গতিধাৰ সলনি কৰি দিব পাৰে ৷ দুৰ্যোগ কঢ়িয়াই আনিব পাৰে নদীখৰ ওপৰত থকা দুখনকৈ পকী দলং আৰু ঐতিহ্যমণ্ডিত ডিফলু চাহ বাগিছাৰ ওলমা দলংৰ বাবে ৷ পাহাৰৰ নামনিত কৰা খনন কাৰ্যই বনৰীয়া হাতীৰ বাবেও মৰণ ফাণ্ড হিচাবে পৰিগণিত হৈছে ৷ অবাধ হাৰত অপৰিকল্পিত আৰু নীতি বিৰুদ্ধভাৱে চলোৱা মাটিৰ খনন কাৰ্যই সমগ্ৰ অঞ্চলটোৰ ভূগৰ্ভৰ জলস্থৰ কৰ্মে নিম্নগামী কৰি আৰ্দ্ৰতাহীন অঞ্চলত পৰিগনিত কৰিছে ৷ নদী উপত্যকাৰ পৃষ্ঠ ভুমিত কৰা এই খনন কাৰ্যই অঞ্চলটোৰ মাটিৰ উৰ্বৰা শক্তিও নাইকীয়া কৰিছে ৷ অবাধ খননে নদীৰ গতি পথ সলনি কৰিলে সমগ্ৰ অঞ্চলৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো বিপদত পৰাৰ সম্ভাৱনা আছে ৷ 

এনে ভয়াবহ পৰিস্থিতিত ডিফলু নদীৰ পাৰৰ বৰভেটা গাওঁ, কৈলাখাত,  কলাখোৱা, ঢেকীয়াপথাৰ আদি গাওঁৰ ৰাইজে বোকাখাত উপ জিলা আৰু বন বিভাগকো একাধিক বাৰ লিখিত আবেদন জনাওঁ কোনো সহাঁৰি পোৱা নাই ৷ জৈৱ বৈচিত্ৰ, পাৰিপাৰ্শ্বকতা আৰু কৃষক বাবে অতি গুৰুত্বপূৰ্ণ ডিফলু নদী আৰু ইয়াৰ উপত্যকাত চলি থকা এই অবাধ মাটি খনন বন্ধ কৰি নদীখনৰ লগতে পাৰিপাৰ্শ্বকতা সংৰক্ষণ কৰিবৰ বাবে স্থানীয় লোকে বন বিভাগ, উপ জিলা প্ৰশাসন আৰু বিভিন্ন দল সংগঠনক অনুৰোধ জনাইছে ৷ অঞ্চলটোত এচাম অসাধু লোকৰ এই নীতি বিৰুদ্ধ অবিবেচক কামে অঞ্চলটোৰ জনসাধাৰণৰ মাজত ভাতৃ ঘাটি সংঘৰ্ষ সৃষ্টি কৰাৰো আশংকা কৰিছে স্থানীয় লোকে ৷

*********