কোৰোনাত আক্ৰান্ত আটাইকেইগৰাকীৰ স্বাস্থ্য সুস্থিৰ
ৰাজ্যত কোৰোনা আক্ৰান্ত আটাইকেইগৰাকী ব্যক্তিৰ স্বাস্থ্য বৰ্তমান স্বাভাৱিক অৱস্থাত আছে। তেওঁলোকৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসকৰ দলে চোকা নজৰ ৰাখিছে বুলি আজি সংবাদমেলত জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি সংবাদমেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোৰোনাত আক্ৰান্ত ১৬গৰাকী ব্যক্তিৰ স্বাস্থ্য সন্দৰ্ভত স্বাস্থ্য বিভাগ সচেতন। গোলাঘাত অসামৰিক চিকিৎসালয়ত আঠগৰাকী, গোৱালপাৰাত অসামৰিক চিকিৎসালয়ত তিনিগৰাকী চিকিৎসাধীন হৈ থকা বুলি উল্লেখ কৰাৰ লগতে কালি নিশা স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুয হাজৰিকাৰ সৈতে সোনাপুৰ আৰুএম এম চি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয়।
আনহাতে কৰিমগঞ্জৰ বদৰপুৰত জামালুদ্দিন নামৰ লোকজনৰ কোৰোনা চিকিৎসাৰ উপৰি কৰ্কট ৰোগৰো চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি তেওঁ উল্লেখ কৰে। সম্প্ৰতি ব্যক্তিগৰাকীৰ ডাঃ ৰবি কান্নানে পৰীক্ষা কৰি আছে বুলি জানিবলৈ দিয়ে। তবলিগৰ লগত সম্পৰ্ক থকা ৫০৩গৰাকী লোকৰ ভিতৰত ৪৮৮গৰাকী ব্যক্তিৰ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে সন্ধান লাভ কৰিছে বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এতিয়া ১৫জন ব্যক্তিৰ সন্ধান লাভ কৰিবলৈ বাকী আছে বুলি উল্লেখ কৰে।
ইতিমধ্যে সন্ধান লাভ কৰা ৪৮৮গৰাকী ব্যক্তিৰ ৩৮১গৰাকী ব্যক্তিৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু এতিয়ালৈকে ৩৯৫গৰাকী ব্যক্তিক কোৱাৰেনটাইনত ৰখা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে মাৰ্কাজত অংশ লৈ ঘৰলৈ উভতি অহা লোকে কাক কাক আলিংগন কৰিছিল অথবা কোন কোন লোক সংস্পৰ্শলৈ আহিছিল তাৰ সন্ধান অব্যাহত ৰখা হৈছে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আজি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জি এম চি এইচত ৫৪খন আই চি ইউ বিছনাৰ এটা ভৱন মুকলি কৰা বুলি উল্লেখ কৰি এতিয়াৰে পৰা চিকিৎসালয়খনত আই চি ইউ বিছনাৰ সংখ্যা ১৬২খনলৈ বৃদ্ধি পালে বুলি উল্লেখ কৰে।
                        


                    
                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
