যোৰহাটৰ ১৯ জন ব্যক্তি আছিল স্পৰ্শকাতৰ নিজামুউদ্দিন মৰ্কজত

যোৰহাটৰ ১৯ জন ব্যক্তি  আছিল স্পৰ্শকাতৰ  নিজামুউদ্দিন মৰ্কজত
যোৰহাটৰ ১৯ জন ব্যক্তি  আছিল স্পৰ্শকাতৰ  নিজামুউদ্দিন মৰ্কজত

 কৰ’ণা ভাইৰাছৰ স্পৰ্শকাতৰ দিল্লীৰ নিজামুউদ্দিন মৰ্কজৰ যোৰহাটৰ প্ৰায় ১৯ জন ব্যক্তি এই উপস্থিত থকাৰ কথা পোহৰলৈ অহাৰ লগে লগে সমগ্র যোৰহাটতে এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে । বুধবাৰে যোৰহাট জিলা উপায়ুক্ত ৰৌশনী অপৰাঞ্জী কৰাটিয়ে জনোৱা মতে সমগ্ৰ ভাৰতৰে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ অভিকেন্দ্ৰ হৈ পৰা দিল্লীৰ নিজামুউদ্দিন মৰ্কজ অঞ্চলত প্ৰায় ১৯ জন ব্যক্তি লকডাউনৰ আগমূহুৰ্তলৈতে উপস্থিত আছিল।

অৱশ্যে এই ১৯ জন ব্যক্তিৰ মাত্ৰ তিনিজন ব্যক্তিহে যোৰহাটত লক ডাউনৰ প্ৰাক মূহুর্তত উপস্থিত হৈছিলহি। ইয়াৰে এজন ব্যক্তি ১২ মাৰ্চত উপস্থিত হোৱাৰ বিপৰীতে দুজন ব্যক্তি ১৯ মাৰ্চত উপস্থিত হৈছিলহি। মঙলবাৰে আটাইকেইজন ব্যক্তিক চিনাক্ত কৰি কুৱাৰেইনন্টাইন কৰাৰ লগতে নমুনা পৰীক্ষা কৰা হয়। ইতিমধ্যে তিনিজনৰে দুজনৰ পৰীক্ষা বিয়োগাত্মক বুলি জিলা উপায়ুক্ত গৰাকীয়ে প্ৰকাশ কৰিছে। অৱশ্যে এজনৰ পৰীক্ষাৰ ফলাফল এতিয়াও আহবলৈ বাকী আছে।

ইতিমধ্যে যোৰহাটৰ প্ৰায় ১৩০০ লোক হোম কুৱাৰেইনন্টাইনত আছিল আৰু ইয়াৰে প্ৰায়বোৰৰে নমুনা পৰীক্ষা কৰা হৈছে। আনহাতে শিলচৰৰ বদৰপুৰত জামালুদ্দিন নামৰ যি জন ব্যক্তিৰ দেহত কৰ’ণা ভাইৰাছ পজিটিভ পোৱা গৈছে, সেই ব্যক্তিজনৰ সৈতে একেলগে ৰাজধানী এক্সপ্রেসত সহযাত্রী হৈ অহা যোৰহাট ৰৰৈয়া অঞ্চলৰ এজন ব্যক্তিয়ো আছিল।

অৱশ্যে তেওঁ নিজেই কিছু দিনৰ আগেয়ে চিকিৎসা বিভাগৰ কাষ চাপি ঘৰতে আইচিলোছনত আছিল । মঙলবাৰে সন্ধিয়া শিলচৰৰ খবৰতো প্ৰকাশ হোৱাৰ পাছতে তেওঁক আৰু তেওঁৰ পত্নীক চিকিৎসা বিভাগে চিকিৎসালয়লৈ আনি কিছু পৰীক্ষা কৰিছে যদিও বৰ্তমানলৈকে চৰকাৰীভাবে কোনো তথ্য প্ৰকাশ কৰা নাই । কিন্তু আন এক সূত্ৰৰ মতে তেওঁলোকৰ পৰীক্ষাত তেনে কোনো ভাইৰাছ পোৱা নাই বুলি জানিব পৰা গৈছে । আনহাতে লাহিং বুধবৰীয়া অঞ্চলত এজনকো বৰ্তমানে যোৰহাট মেডিকেল কলেজত আইচিলোচনত ৰখা হৈছে । তেওঁৰ পৰীক্ষাৰ ফলাফল বৰ্তমানেও ৰাজহুৱা হোৱা নাই ।

আনহাতে যোৰহাট নগৰৰ পৰা যোৱা চাৰি জন বৰ্তমানেও দিল্লীতে আছে । তাৰে দুজনক দিল্লীৰ চিকিৎসালয়ত থকা বুলি জানিব পৰা গৈছে । আনহাতে গোলাঘাট জিলাৰ দিল্লীস্থিত নিজামুউদ্দিন দৰগাহৰ মৰ্কজৰ এক ধৰ্মীয় অনুষ্ঠানত ভাগ ল’বলৈ যোৱা প্ৰায় ১৪ জন লোকৰ নমুনা পৰীক্ষাৰ বাবে লাহোৱালৰ আই চি এম আৰলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে কেইবাজনৰো ফলাফল পজিটিভ হোৱাৰ সম্ভাৱনা আছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখ্য যে ডিব্ৰুগড়ত যি ২৭ জনৰ পৰীক্ষা কৰা হৈছিল তেওঁলোকৰ আটাইকেইজনৰ নিগেটিভ অহা বুলি জানিব পৰা গৈছে ।