দেশৰ সংকটৰ সময়ত নল’লে মাতৃত্বকালীন ছুটী
                        সমগ্ৰ দেশতে এতিয়া কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। কোৰোণাৰ বিৰুদ্ধে এতিয়া যুঁজিছে সমগ্ৰ দেশে। তাৰ মাজতো দেশৰ জৰুৰীকালীন সেৱাত নিয়োজিত কৰ্মচাৰীসকলে পালন কৰিবলগীয়া হৈছে নিজৰ নিজৰ দায়িত্ব।
দেশৰ এনে সংকটৰ সময়তে চৰ্চালৈ আহিছে এগৰাকী চৰকাৰী উচ্চ পদস্থ বিষয়া। দেশলৈ অহা এনে অনাকাংক্ষিত পৰিস্থিতিৰ বাবে বিষয়াগৰাকীয়ে নল’লে মাতৃত্বকালীন ছুটী। বিশাখাপট্টনমৰ পৌৰ আয়ুক্ত হিচাপে কৰ্মৰত মহিলাগৰাকীয়ে এতিয়া কোলাত নিজৰ এমহীয়া সন্তানলৈয়ে পালন কৰিছে নিজৰ দায়িত্ব।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
