ভাৰতত চিতাবাঘ পুনৰ সংস্থাপন প্ৰকল্পৰ ৮ টা চিতাবাঘ কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু : দেশ জুৰি চাঞ্চল্য : কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিক্ৰিয়া :

ভাৰতত চিতাবাঘ পুনৰ সংস্থাপন প্ৰকল্পৰ ৮ টা চিতাবাঘ কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু : দেশ জুৰি চাঞ্চল্য : কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিক্ৰিয়া  :

ভাৰতত চিতাবাঘ পুনৰ সংস্থাপন প্ৰকল্পৰ ৮ টা চিতাবাঘ কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু : দেশ জুৰি চাঞ্চল্য : কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিক্ৰিয়া  : 

Aiidesh Exclusive  : 18 July 2023  :

ভাৰতত চিতাবাঘ পুনৰসংস্থাপনৰ বাবে ভাৰত চৰকাৰে হাতত লোৱা অভিলাষী আঁচনিৰ অধীনত মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ নামিবিয়া আৰু দক্ষিন আফ্ৰিকাৰ পৰা অনা ২০ টা চিতাবাঘৰ ভিতৰত এতিয়ালৈকে আঠটাকৈ চিতা  বাঘৰ মৃত্যুৰ ঘটনাই দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । যাৰ বাবে ভাৰতৰ চিতাবাঘ পুনৰসংস্থাপন প্ৰকল্পক লৈ বিভিন্ন বিতৰ্ক আৰম্ভ হৈছে । এই বিতৰ্কৰ পটভুমিত অলপতে ভাৰতৰ কেন্দ্ৰ চৰকাৰে চিতাবাঘ প্ৰকল্প সম্পৰ্কত এক বিশেষ স্পষ্টিকৰণ দাঙি ধৰিছে । 

কেন্দ্ৰ চৰকাৰৰ মতে চিতা বাঘ পুনৰ সংস্থাপন এক দীৰ্ঘম্যাদী প্ৰকল্প । এই প্ৰকল্পই এবছৰেই সম্পুৰ্ণ কৰা নাই । এনে অৱস্থাত ইয়াৰ সফলতা বিফলতাৰ ওপৰত এতিয়াই মন্তব্য কৰাতো সঠিক নহব । উল্লেখ্য যে যোৱা বছৰ ছেপ্টেম্বৰ মাহত নামিবিয়াৰ পৰা ৮ টা চিতাবাঘ ভাৰতৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হৈছিল । পৰৱৰ্তী সময়ত চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২ টা চিতাবাঘ  কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হয় । ইয়াকে  লৈ মুঠ ২০ টাকৈ চিতাবাঘ ৰেডিঅ’ ক’লাৰ লগাই ভাৰতলৈ আনি কুনো ৰাষ্ট্ৰীয় উদ্যানত পুনৰসংস্থাপনৰ কৰা হয় । কিন্ত দুৰ্ভাগ্যজনক ভাৱে ইয়াৰে ৮ টা চিতাবাঘ পুনৰসংস্থাপনৰ পিচতেই  কুনো ৰাষ্ট্ৰীয় উদ্যানত তীক্ষ পৰ্যবেক্ষণৰ মাজতে মৃত্যু হয় । 

এই ঘটনাৰ পিচতেই ভৰত চৰকাৰৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আন্তঃমহাদেশীয় অভিযানেৰে অৰন্যৰ পৰা অৰন্য লৈ চিতাবাঘ আনি পুনৰসংস্থাপিত কৰাৰ এই অভিলাষী প্ৰকল্পক লৈ দেশ জুৰি বিতৰ্কৰ সুত্ৰপাত হয় । বহুতে ৰেডিঅ’ কলাৰৰ বাবেই প্ৰকল্পৰ অধীনত সমংস্থাপিত কৰা চিতাবাঘৰ ম়ত্যু হোৱা বুলি মন্তব্য কৰে । এই বিতৰ্কৰ মাজতে কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰালয়ে এক স্পষ্টিকৰণ দাঙি ধৰি ৰেডিঅ কলাৰৰ বাবে চিতাবাঘৰ মৃত্যু হোৱা কথাতো বিজ্ঞান সন্মত আৰু যুক্তিসংগতও নহয় বুলি মন্তব্য কৰিছে । 

কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাবাঘৰ মৃত্যুৰ কাৰণ জানিবৰ বাবে আন্তঃৰাষ্ট্ৰীয় চিতাবাঘ বিশেষজ্ঞৰ উপৰিও নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিভাগীয় পশুচিকিৎসকৰ লগত আলোচনা কৰা বুলি এক বিবৃত্তিত কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰালয়ে অৱগত কৰিছে । ইয়াৰ উপৰিও ভাৰতৰ বিভিন্ন বিশেষজ্ঞদ্বাৰা কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাবাঘ পুনৰ সংস্থাপনৰ পটকল, চিতাবাঘৰ নিৰাপত্তাৰ ব্যৱস্থা, পৰিচালনা, পশু চিকিৎসাৰ পৰ্যাপ্ত সুবিধা, প্ৰশিক্ষণ, আৰু বনকৰ্মীৰ দক্ষতা বৃদ্ধিৰ দিশবোৰ নিৰপেক্ষ ৰাষ্ট্ৰীয় বিশেষজ্ঞৰ দ্বাৰা পৰ্যালোচনা কৰা বুলিও বিবৃতিটোত কোৱা হৈছে । চিতাবাঘ পুনৰ সংস্থাপন প্ৰকল্পৰ পৰিচালনা সমিতিয়ে সমগ্ৰ ব্যৱস্থা তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি ইয়াৰ ৰূপায়ন সম্পৰ্কত সন্তুষ্টিও প্ৰকাশ কৰিছে বুলি বিবৃতিত প্ৰকাশ ।

কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰালয়ৰ মতে কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাবাঘৰ পুনৰ সংস্থাপন কাৰ্যৰ সফলতাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান খনত ইতিমধ্যেই উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ সুবিধাৰে এটা চিতাবাঘ গৱেষণা কেন্দ্ৰ, বনকৰ্মীৰ দক্ষতা বৃদ্ধিৰ ব্যৱস্থা, কুনো ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰশাসনিক নিয়ন্ত্ৰনৰ অধীনলৈ আৰু অধিক বানাঞ্চল অন্তৰ্ভুক্ত কৰা, অতিৰিক্ত বনকৰ্মীৰ নিয়োগ কৰা, চিতাবাঘ সুৰক্ষা বল গঠন কৰাৰ উপৰিও মধ্যপ্ৰদেশৰ গান্ধীনগৰ অভয়াৰন্যক কুনো ৰাষ্ট্ৰীয় উদ্যানৰ পিচতেই চিতাবাঘৰ দ্বিতীয় আৱাস হিচাবে গঢ়ি তোলা আদি কাৰ্য আঁচনি হাতত লোৱা হৈছে ।

মন্ত্ৰালয়ৰ ৮ টা চিতাবাঘৰ মৃত্যুৰ পিচক কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মী সকলৰ লগত কাম কৰিবৰ বাবে এটা দক্ষতা সম্পন্ন বিশেষজ্ঞৰ দল ৰাষ্ট্ৰীয় বাঘ সংৰক্ষন প্ৰধিকৰণৰ পৰা কুনো ৰাষ্টীয় উদ্যানলৈ প্ৰেৰণ কৰিছে ৷ উন্নত ব্যৱস্থাপনাৰ বাবে প্ৰয়োজনীয় স্বাস্থ্য আৰু বুভিন্ন সমস্যা বোৰ বিশ্লেষণ কৰি বনকৰ্মীৰ সকলক সিধান্ত গ্ৰহনত এই বিশেষজ্ঞৰ দলটোয়ে সহায় কৰিব ৷ 

চিতাবাঘ পুনৰসংস্থাপন প্ৰকল্পই এতিয়াও এবছৰ সম্পূৰ্ণ কৰিবলৈ বাকী আছে ৷ কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ মতে যোৱা ১০ মাহত চিতাবাঘ পুনৰ সংস্থাপন প্ৰকল্পৰ সৈতে জড়িত সকলো লোকেই চিতাবাঘৰ ব্যৱস্থাপনা, নিৰীক্ষণ সম্পৰ্কত যথেষ্ট অভিজ্ঞতা লাভ কৰিছে আৰু প্ৰকল্পটো দীৰ্ঘম্যাদী সময়ত সফল হ'ব বুলি আমি আশাবাদী বুলিও মন্তব্য কৰিছে ৷ 

উল্লেখ্য যে ১৪ জুলাইত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অনা সূৰজ নামৰ মতা চিতাবাঘটোৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হৈছিল । সুৰজৰ মৃত্যুৰ পিচতেই কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাবাঘ পুনৰ সংস্থাপন প্ৰকল্পত  মৃত্যু হোৱা চিতাবাঘৰ সংখ্যা আঠলৈ বৃদ্ধি হৈছিল । ইয়াৰ কেইদিনমান আগতে এই প্ৰকল্পৰ অধীনতে ভাৰতলৈ অনা তেজছ নামৰ আন এটা চিতাবাঘ কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু বৰণ কৰিছিল । যাৰ বাবে চিতাবাঘ পুনৰ সংস্থাপন প্ৰকল্পকলৈ দেশ জুৰি সমালোচনা আৰম্ভ হৈছিল ৷

**********