অৱশেষত খোলা থাকিব সুৰাৰ বিপণী!

অৱশেষত খোলা থাকিব সুৰাৰ বিপণী!
#Wine shops #Lockdown #Meghalaya

মেঘালয় চৰকাৰে সুৰাৰ বিপণীসমূহ খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১৩ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ সুৰাৰ বিপণী খোলা ৰখাৰ সিদ্ধান্ত মেঘালয় চৰকাৰৰ। পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ সুৰা বিক্ৰীত অনুমতি। সামাজিক দূৰত্ব বজাই ৰাখি সুৰাপায়ীয়ে ক্ৰয় কৰিব পাৰিব সুৰা।

উল্লেখযোগ্য যে সমগ্ৰ দেশতে এতিয়া কোৰোণা ভাইৰাছে লৈছে ভয়ংকৰ ৰূপ। কিন্তু এইপৰ্যন্ত মেঘালয়ত এজনো লোক আক্ৰান্ত হোৱা নাই এই মাৰাত্মক ভাইৰাছত। অসমত এতিয়ালৈ আক্ৰান্ত হৈছে ২৯জন লোক। এজন লোকৰ মৃত্যু হৈছে অসমত।