গান্ধী জয়ন্তীৰ উপলক্ষ্যে গোগামুখৰ টিঙিৰী স্পৰ্ট ক্লাবৰ উদ্যোগত দুদিনীয়া ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক‌ প্ৰতিযোগিতা :

গান্ধী জয়ন্তীৰ উপলক্ষ্যে গোগামুখৰ টিঙিৰী স্পৰ্ট ক্লাবৰ উদ্যোগত দুদিনীয়া ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক‌ প্ৰতিযোগিতা :
Aiidesh Photo
গান্ধী জয়ন্তীৰ উপলক্ষ্যে গোগামুখৰ টিঙিৰী স্পৰ্ট ক্লাবৰ উদ্যোগত দুদিনীয়া ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক‌ প্ৰতিযোগিতা :

Aiidesh News  : 3 October  2023  : 

গোগামুখৰ আগশাৰীৰ ক্ৰীড়া সংগঠন টিঙিৰী স্পর্টচ ক্লাবে প্ৰতিষ্ঠা দিন ধৰি প্ৰতি বছৰে গোগামুখ অঞ্চলৰ যুৱক-যুৱতীসকলৰ মাজত ক্ৰীড়াৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে অঞ্চলটোৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ  মাজত সাহিত্য আৰু সাংস্কৃতিক‌ প্ৰতিযোগিতা লগতে প্রাইজমনি ভলীবল প্রতিযোগিতাও আয়োজিত কৰি আহিছে ৷ বিগত বছৰবোৰৰ দৰে এইবাৰো গান্ধী জয়ন্তী উপলক্ষ্যে টিঙিৰী মধ্য ও উচচ ইংৰাজী বিদ্যালয়ৰ খেল পথাৰত এই অনুষ্ঠানৰ আয়োজন কৰে ।

এই উপলক্ষে ১ আৰু ২ অক্টোবৰৰ পুৱা ৬ বজাত সামূহিক চাফাই অভিযানৰ লগতে বৃক্ষ ৰোপণো কৰা হয় ৷ পৰৱৰ্তী সময়ত টিঙিৰী স্পৰ্টচ ক্লাৱৰ সম্পাদক ভুপেন্দ্ৰ দেৱ মিলিয়ে বন্তি প্ৰজ্বলন আৰু টিঙিৰী মধ্য ও উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেশ দলে আৰু নাহৰবাৰী টি এম পি কে আঞ্চলিক সমিতিৰ সভাপতি পৱিত্ৰ পেগু অনুষ্ঠানৰ পতাকা উত্তোলন কৰি ক্ৰীড়া সমাৰোহৰ  শুভাৰম্ভ কৰে ।

দুদিনীয়া কাৰ্যসুচীৰে আয়োজিত এই প্ৰতিযোগিতাৰ শেষত ২ অক্টোবৰত বঁটা বিতৰনী সভা সম্পন্ন হয় । সভাত ক্ৰীড়া বিভাগৰ হৈ  সত্যনাৰায়ণ দলে, উপদেষ্টা হিচাপে গুণকান্ত মিলি, প্ৰণৱ পেগু, মিৰিশ পেগু, কিৰণ দলে, জয়নাথ পেগু ,সাহিত্য বিভাগৰ হৈ প্ৰধান শিক্ষক অৰ্দেশ্বৰ দলে, উপদেষ্টা প্ৰেমানন্দ দলে, হৰিচন্দ পেগু, মনোজ দলে, সদস্য জলেন্দ্ৰ দলে, সাংস্কৃতিক বিভাগৰ হৈ মিগম কুম্বাং, হিৰাকান্ত পেগু, মুখ্য উপদেষ্টা ৰবিন পেগু, উপদেষ্টা লিখন দলে, তৰুণ পেগু, হৰিশ্যাম মিলি আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ।

*******