২৪ ঘন্টাত বোকাখাতত দ্বিতীয়তো হত্যা কাণ্ড : পুৰুষৰ দাৰ ঘাপত প্ৰাণ গ'ল এগৰাকী মহিলাৰ :

২৪ ঘন্টাত বোকাখাতত দ্বিতীয়তো হত্যা কাণ্ড : পুৰুষৰ দাৰ ঘাপত প্ৰাণ গ'ল এগৰাকী মহিলাৰ :
Photo : Uttam Saikia
২৪ ঘন্টাত বোকাখাতত দ্বিতীয়তো হত্যা কাণ্ড : পুৰুষৰ দাৰ ঘাপত প্ৰাণ গ'ল এগৰাকী মহিলাৰ :
২৪ ঘন্টাত বোকাখাতত দ্বিতীয়তো হত্যা কাণ্ড : পুৰুষৰ দাৰ ঘাপত প্ৰাণ গ'ল এগৰাকী মহিলাৰ :


লক ডাউনৰ মাজতে যোৱা ২৪ ঘন্টাৰ ভিতৰত বোকাখাত মহকুমাত সংঘৰ্টিত হয় দ্বিতীয়তো লোমহৰ্ষক হত্যাকাণ্ড ৷ এই হত্যা কাণ্ডই শনিবাৰৰ পুৱাতেই জোকাৰি যায় সমগ্ৰ বোকাখাত ৷ বোকাখাতৰ বৰভেটা নামৰ গাওঁখনৰ মানুহ এঘৰত আশ্ৰয়লৈ থকা অনিল তাঁতী নামৰ লোকজনে দাৰে ঘপিয়াই হত্যা কৰে এগৰাকী মহিলাক ৷ বৰভেটা গাঁওৰ শ্যামলাল মুণ্ডাৰ বাসগৃহত বিগত সময়ত  আশ্ৰয়লৈ আছিল দেৰগাওঁৰ দাধৰাৰ অনিল তাঁতী নামৰ এজন ব্যক্তিয়ে ৷ এই অনিল তাঁতীয়েই ঘৰত কোনো নথকাৰ সুযোগ লৈ শ্যামলাল তাঁতীৰ পৰিবাৰক সামান্য কথাতে দাৰে ঘপিয়াই হত্যা কৰে ৷  হত্যা কৰিয়েই হত্যাকাৰী অনিল তাঁতীয়ে বৰভেটা গাঁৱৰ পৰা পলায়ন কৰে ৷ পাচত বোকাখাতৰ আৰক্ষীয়ে সাপজুৰিৰ জাপৰিপথাৰৰ পৰা হত্যাকাৰী অনিল তাঁতীক কৰায়ত্ব কৰে ৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে অনিল তাঁতীয়ে হত্যা কাণ্ডত বাযৱহাৰ কৰা  দা খন উদ্ধাৰ কৰে ৷ কি কাৰণে অনিল তাঁতীয়ে মনিকাক হত্যা কৰিলে এতিয়াও জানিব পৰা হোৱা নাই ৷ ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি  মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বোকাখাত আৰক্ষীয়ে ৷