বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত বিশাখাপট্টনম ৭জনৰ মৃত্যু
                        অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ভয়ংকৰ পৰিস্থিতি। ভেংকটপুৰমৰ এল জি পলিমাৰ উদ্যোগৰ পৰা বিষাক্ত গেছ নিৰ্গত হৈ এইপৰ্যন্ত ৭জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ হাজাৰৰো অধিক লোক অসুস্থ হৈ পৰিছে। পৰিস্থিতি এনেকুৱা হৈছেগৈ যে উশাহত কষ্ট পাই ৰাজপথতে বাগৰি পৰিছে কেইবাজনো লোক। এই বিষাক্ত গেছৰ ফলত মানুহৰ চকুত পোৰণিৰ লগতে উশাহত কষ্ট হোৱাৰ বাবে অসুস্থ হৈ পৰিছে। উদ্যোগটোৰ তিনি কিলোমিটাৰ ওচৰ–পাজৰৰ গাঁওসমূহ খালী কৰা হৈছে
প্ৰধানমন্ত্ৰী মোদীয়ে এই ঘটনাক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মোদীয়ে কয় যে এই ঘটনা সন্দৰ্ভত এমএইচএ আৰু এনডিএমএৰ বিষয়াৰ সৈতে আলোচনা কৰিছে। ঘটনাৰ ওফৰত তীক্ষ্ণ নজৰ ৰখা হৈছে। মই বিশাখাপট্টনমৰ সকলোৰে সুৰক্ষা আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা কৰিছো।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
