অহা ২৮ আৰু ২৯ অক্টোবৰত বোকাখাতত অনুষ্ঠিত হ'ব অসম মহাবিদ্যালয় গ্ৰন্থগাৰিক সংস্থাৰ ষষ্ঠদশ দ্বি বাৰ্ষিক অধিৱেশন:

অহা ২৮ আৰু ২৯ অক্টোবৰত বোকাখাতত অনুষ্ঠিত হ'ব অসম মহাবিদ্যালয় গ্ৰন্থগাৰিক সংস্থাৰ ষষ্ঠদশ দ্বি বাৰ্ষিক অধিৱেশন:
Aiidesh Photo

অহা ২৮ আৰু ২৯ অক্টোবৰত বোকাখাতত অনুষ্ঠিত হ'ব অসম মহাবিদ্যালয় গ্ৰন্থগাৰিক সংস্থাৰ ষষ্ঠদশ দ্বি বাৰ্ষিক অধিৱেশন :

Aiidesh News  :  21st October  :

অসম মহাবিদ্যালয় গ্ৰন্থগাৰিক সংস্থাৰ ষষ্ঠদশ দ্বি বাৰ্ষিক অধিৱেশন খন অহা ২৮ আৰু ২৯ অক্টোবৰত বোকাখাতৰ যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব । এই সম্পৰ্কত আজি মহাবিদ্যালয় খনত এক সংবাদ মেল অনুষ্ঠিত হয় ৷ অসম মহাবিদ্যালয় গ্ৰন্থগাৰিক সংস্থাৰ সভাপতি শ্ৰীমন্ত মাধৱ বৰাই উদ্দেশ্য বাখ্যা কৰা এই সংবাদ মেলত উপস্থিত থাকি যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে সাংবাদিকৰ আগত কয় যে অধিৱেশন খনৰ বাবে মহাবিদ্যালয়ত ব্যাপক প্ৰস্ততি চলোৱা হৈছে । প্ৰায় ২৭০ গৰাকী প্ৰতিনিধিক অপ্যায়নৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে । অধিৱেশন খনি সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে অধ্যক্ষ ড° জয়ন্ত গগৈক সভাপতি ড° অৰুন কুমাৰ বৰাক কাৰ্যকৰী সভাপতি শ্ৰীমন্ত মাধৱ বৰাক সম্পাদক হিচাপে অভ্যৰ্থনা সমিতিৰ লগতে ১১ খন উপ-সমিতি গঠন কৰা বুলিও তেওঁ জানিবলৈ দিয়ে । অধ্যক্ষ গৰাকীৰ মতে ২৮ অক্টোবৰত অধিৱেশনৰ প্ৰথম দিনা পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন, প্ৰতিনিধিৰ পঞ্জীয়ন, প্ৰতিনিধি সভাৰ লগতে দিনৰ এক বজাৰ পৰা শৈক্ষিক আলোচনা অনুষ্ঠিত হ'ব । দ্বিতীয় দিনা ২৯ অক্টোবৰত পুৱা প্ৰতিনিধি সভা, চ'ল ৩.০ টিউটৰিয়েলৰ   পিচত দিনৰ ১১ বজাৰ পৰা শ্ৰীমন্ত মাধৱ বৰাৰ পৌৰহিত্যত্বত মুকলি সভা অনুস্থিত হ'ব । মুকলি সভা উদ্ধোধন  কৰিব কেবিনেট মন্ত্ৰী অতুল বৰাই । সভাত শিক্ষা মন্ত্ৰী ড° ৰনোজ পেগু, অসম চৰকাৰৰ উচ্চশিক্ষা বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলি, বোকাখাতৰ মহকুমাধিপতি ডা° নেহা যাদৱ ,অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি হিমাংশু মৰল, অসম কলেজ কৰ্মচাৰী সংস্থাৰ সভাপতি ৰমনী ৰাজবংশী, গ্ৰন্থগাৰ আৰু তথ্য বিজ্ঞান বৃত্তিধাৰী সংস্থাৰ সভাপতি দেৱ হাজৰিকা উপস্থিত থাকিব বুলি অধ্যক্ষ গৰাকীয়ে জানিব দিয়ে । সংবাদ মেলত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° অৰুন বৰা, কমাৰগাওঁ মহাবিদ্যালয় আৰু কাজিৰঙা আৰ্দশ মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিক সকলো উপস্থিত থাকে ৷

*********