বোকাখাত জাতীয় বিদ্যালয়ত ভিজুৱেল আর্ট একাডেমিৰ উদ্যোগত পৰম্পৰাগত মুখাশিল্পৰ কৰ্মশালা :

Aiidesh News : 19 July - 2025 :
বোকাখাত জাতীয় বিদ্যালয়ত আজিৰে পৰা ২৪ জুলাইলৈকে ভিজুৱেল আর্ট একাডেমিৰ উদ্যোগত ছাত্ৰ ছাত্ৰীৰ বাবে পৰম্পৰাগত মুখাশিল্পৰ এক বিশেষ কর্মশালা আৰম্ভ হৈছে ৷ এই উপলক্ষে আজি জাতীয় বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াই ৷ প্ৰবীন চিত্ৰ শিল্পী বিজয় তাঁতীয়ে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, বৃহত্তৰ কাজিৰঙা সাংবাদিক মঞ্চৰ সভাপতি স্বপন নাথ, কাজিৰঙা নিউজ নেটৱৰ্কৰ সম্পাদক দিব্যজ্যোতি হাজৰিকা, ইমজাৰ সম্পাদক সুদীপ্ত তামুলী, কাজিৰঙাৰ বিশিষ্ট মহিলা ৰূপজ্যোতি শইকীয়া গগৈ, কাজিৰঙাৰ জেষ্ঠ নাগৰিক চিন্ময় ধৰ, কাজিৰঙাৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহা, বিশিষ্ট চিত্ৰশিল্পী পাপু ঘোষ, শিল্পী বনোদ গগৈ আৰু বোকাখাত জাতীয় বিদ্যালয়ৰ সোনেশ্বৰ নৰহ উপস্থিত থাকে ৷ গীতিৰেখা দত্তই আঁত ধৰা এই অনুষ্ঠানত শংকৰী সংস্কৃতিৰ প্ৰান কেন্দ্ৰ মাজুলীৰ মুখা শিল্পী বিজয় কৃষ্ণ হাজৰিকা আৰু দিব্যজ্যোতি গোস্বামীয়ে সমল ব্যক্তি হিচাবে উপস্থিত থাকে ৷ মাজুলীৰ চামগুৰি সত্ৰৰ দুই যুৱ মুখা শিল্পী কৃষ্ণ হাজৰিকা আৰু দিব্যজ্যোতি গোস্বামীৰ নেতৃত্বতে পাঁচদিনীয়া এই পৰম্পৰাগত মুখা শিল্পৰ বিষয়ে অংশগ্ৰহন কৰা ছাত্ৰ ছাত্ৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি কৰ্মশালাৰ অন্যতম উদ্যোগতা শিল্পী পাপু ঘোষে জানিবলৈ দিয়ে ৷
**********