ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি : বোকাখাত মহকুমাৰ ২৭,৬০০ মহিলাই লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন :

ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি  : বোকাখাত মহকুমাৰ ২৭,৬০০ মহিলাই লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন :
Photo - Bubul Dutta.

Bubul Dutta : Aiidesh News:  19 January 2024  : 

মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যাদু । আজি পুৱাৰে পৰাই হাজাৰ হাজাৰ মহিলাৰ সমাবেশ পঞ্চায়ত কাৰ্যালয়ত । পথত যেন মহিলাৰ সমদল । যান বাহনত ভীৰ । সকলোৰে লক্ষ্য নিজা নিজা গাঁও পঞ্চায়তৰ কাৰ্যালয় । পঞ্চায়তত উপস্থিত হৈয়ে ইগৰাকীয়ে সিগৰাকীক সুধিলে, ঘৰত কি খাই আহিলে । কি আৰু খাব,চাহতে মুড়ি এমুঠি দি ,নাকে কাণে গুজি পঞ্চায়তলৈ আহিছো ।

বোকাখাতৰ  গাঁও পঞ্চায়তৰ কাৰ্যালয় সমূহত আজি এই অৱস্থা । আত্মসহায়ক গোটত থকা সকলো মহিলাই পাব ১০ হাজাৰকৈ টকা । মুখ্যমন্ত্ৰীক ভূয়সী প্ৰশংসা আই সকলৰ । মাত্ৰ বিতৰণ ব্যৱস্থাপনাতহে অসন্তুষ্ট তেওঁলোক । ক'ৰবাত আকৌ হঠাতে ঢলি পৰিছে মহিলা । এনে ক্ষেত্ৰত উপস্থিত হ'ব লগাও হৈছে আৰক্ষী । সকলো পঞ্চায়ততে পুৱাৰ পৰাই ভীৰ সহস্ৰাধিক মহিলাৰ ।

কেইবাটাও কাউন্টাৰত বিতৰণ কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ প্ৰপত্ৰ । গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পাৰ্থজিৎ গগৈয়ে জনোৱা মতে আজি বোকাখাতৰ বিভিন্ন পঞ্চায়তত ২৭,৬০০ গৰাকী মহিলাক মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ ব্যৱস্থা কৰা হৈছিল । ইয়াৰে ২৫,৯৩৮ গৰাকীৰয়ে প্ৰপত্ৰ সংগ্ৰহ কৰিলে । ৰৈযোৱা ১,৬৬২ খন প্ৰপত্ৰ পৰৱৰ্তী সময়ত বিতৰণ কৰা হ'ব । বিভাগীয় তথ্য মতে বোকাখাত মহকুমাৰ বাদুলিপাৰ পঞ্চায়তৰ ১২৮২ গৰাকী , বিহৰা পঞ্চায়তৰ ৯৫৩ গৰাকী, বোকাখাত পঞ্চায়তৰ ৯০৮ গৰাকী , দক্ষিণ কাজিৰঙাৰ ১৬১০ গৰাকী, দিচৈ পঞ্চায়তৰ ১৩৮০ গৰাকী, দুসুতিমুখ পঞ্চায়তৰ ১৪৯০ গৰাকী, গোলোংটেমেৰা পঞ্চায়তৰ ১২৮৩ গৰাকী, কুৰুৱাবাহী পঞ্চায়তৰ ১৯২৩ গৰাকী, মধ্য কাজিৰঙা পঞ্চায়তৰ ১২৭৭ গৰাকী, মধ্য মহুৰা পঞ্চায়তৰ ১৬৯১ গৰাকী, ম'হমাইকী পঞ্চায়তৰ ১৫১৯ গৰাকী,  মৰিধনশিৰি পঞ্চায়তৰ ১৪৫৭ গৰাকী , নুমলীগড় পঞ্চায়তৰ ১০০০ গৰাকী, পশ্চিম কাজিৰঙা পঞ্চায়তৰ  ১১৩৫ গৰাকী, পূৱ কাজিৰঙা পঞ্চায়তৰ ১২৮০ গৰাকী, পূৱ মহুৰা পঞ্চায়তৰ ২২১০ গৰাকী, ৰজাবাৰী পঞ্চায়তৰ ১০৫৫ গৰাকী, ৰঙামাটি কৈৱৰ্ত পঞ্চায়তৰ ১২৫৬ গৰাকী, উত্তৰ মহুৰা পঞ্চায়তৰ ১৫৫২ গৰাকী, উত্তৰ-পূব কাজিৰঙা পঞ্চায়তৰ ১৩৪০ গৰাকী মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ দ্বাৰা উপকৃত হ'ব ।

********