বোকাখাতৰ বৰজুৰিত ৰাষ্ট্ৰীয় পথৰ কাষৰ চাহ বাগিচাত অচিনাক্ত মৃতদেহ উদ্ধাৰ :

বোকাখাতৰ বৰজুৰিত ৰাষ্ট্ৰীয় পথৰ কাষৰ চাহ বাগিচাত অচিনাক্ত মৃতদেহ উদ্ধাৰ  :
Aiidesh Photo
বোকাখাতৰ বৰজুৰিত ৰাষ্ট্ৰীয় পথৰ কাষৰ চাহ বাগিচাত অচিনাক্ত মৃতদেহ উদ্ধাৰ  :

Aiidesh News  : 21 October 2023  : 

দুৰ্গোৎসৱৰ সপ্তমীৰ দিনা পুৱা বেলাতেই বোকাখাতৰ বৰজুৰিত চাহ বাগিছাৰ মাজত এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ বোকাখাততে পূজাৰ আনন্দৰ মাজতেই চাঞ্চল্যৰ সৃষ্টি কৰে । বোকাখাতৰ বৰজুৰি খেল পথাৰৰ সমীপত ৩৭ ৰাষ্ট্ৰীপথৰ নাতি দুৰতে মেথনি চাহ বাগিচাৰ মাজত এটা অচিনাক্ত অৰ্ধ গলিত মৃতদেহ ২১ অক্টোবৰৰ পুৱাতেই স্থানীয় লোকে প্ৰতক্ষ্য কৰি বোকাখাত আৰক্ষীক অৱগত কৰে । পুৱাতেই মৃতদেহৰ পৰা ওলোৱা দুৰ্গন্ধই স্থানীয় লোকক মৃতদেহটো প্ৰত্যক্ষ কৰাত সহায় কৰে ৷ পৰৱৰ্তী সময়ত বোকাখাত আৰক্ষী আৰু বোকাখাত বনাঞ্চলৰ বনকৰ্মী গৈ ঘটনাস্থলীত উপস্থিত হৈ মূখ অৰ্ধ গলিত পুৰুষৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ মৃতদেহটোৰ মণ্ডল আৰু দেহত আঘাতৰ চিহ্ন থকাৰ উপৰিও এটা জিনচৰ হাপ পেন্ট পৰিধান কৰাৰ উপৰিও মৃতদেহৰ কাষৰ পৰা এজোৰ প্লাষ্টিকৰ চেণ্ডেলো উদ্ধাৰ হয়  ৷ আৰক্ষীয়ে অচিনাক্ত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে প্ৰাথমিক তদন্তও আৰম্ভ কৰে ৷ আৰক্ষীৰ প্ৰাথমিক তদন্ত আৰু একাংশ লোকৰ ভাষ্যমতে ঘটনাস্থলীৰ কাষৰীয় অঞ্চলৰ কোনো লোক সন্ধানহীন হোৱাৰ তথ্য নাই ৷ এনে পটভুমিত কোনো লোকে লোক জনক হত্যা কৰি মৃতদেহ চাহ বাগিচাৰ মাজত পেলাই থৈ যোৱাৰো অৱকাশ থকা বুলি স্থানীয় লোকে মন্তব্য কৰে ৷ আৰক্ষীৰ তথ্য মতে মৃত লোকজনৰ বয়স প্ৰায় ৩৫ বছৰ । এই প্ৰতিবেদন প্ৰস্তুতৰ সময়লৈকে মৃতদেহ চিনাক্ত হোৱা নাই । 

********