যোৰহাটত অবৈধভাবে শাক-পাচলি মজুত পাঁচ জন আৰক্ষীৰ জালত
                            বহিঃজিলাৰ পৰা শাক পাচলি অনাৰ ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসনে জাৰি কৰা নিষেধাজ্ঞাক ভৰিৰে মোহাৰি আজি পৰ্য্যন্ত যোৰহাটলৈ সৰবৰাহ হৈ আছিল বহিঃজিলা বিশেষকৈ খাৰুপেটীয়াৰ পৰা অনা শাক পাচলি| খাৰুপেটীয়াৰ পৰা অনা ৰাসায়নিক সাৰ যুক্ত শাক পাচলিৰ নামত বৰবিহ যোৰহাটৰ গুদামত মজুত হৈ থকাৰ তথ্য লাভ কৰে এইদেশে যোৰহাট সদৰ আৰক্ষী থানাৰ নগৰ উপ পৰিদৰ্শক উপস্থিত হৈ জব্দ কৰে কেইবা কুইন্টল বহিঃজিলাৰ শাকপাচলি| যোৰহাট সদৰ থানাৰ আৰক্ষীয়ে সাংবাদিকৰ সহযোগত চলোৱা অভিযানত নিউভিল ৰোডত থকা দুটা নাৰিকলৰ গুদামৰ পৰা শাক পাচলি সমূহ জব্দ কৰা লগতে মইনুল আলি ওৰফে কালাম নামৰ ব্যৱসায়ী জনৰ লগতে আন ৪ জন কৰ্মচাৰীক আটক কৰি এখন ফলমুল থকা এ এচ ০১ জেচি ৮৮৪৩ নম্বৰৰ বলেৰ’ পিক আপ গাড়ী জব্দ কৰে|
জিলাৰ যোগান বিভাগৰ চড়ান্ত কাণ্ডজ্ঞানহীনতাৰ বাবে যোৱা ৪ এপ্ৰিল তাৰিখে জিলা উপায়ুক্তই জাৰি কৰা নিষেধাজ্ঞা এক প্ৰকাৰে ভৰিৰে মোহাৰিবলৈ সক্ষম হৈছে অসাধু ব্যৱসায়ী| এই সন্দৰ্ভত জিলাৰ যোগান বিভাগ, আৰক্ষী প্ৰশাসনক বাৰম্বাৰ অভিযোগ দিয়া পিছতো কোনো গুৰুত্ব নিদিয়াৰ বাবেই শাক পাচলিৰ নামত যোৰহাটৰ লগতে উজনি অসমৰ বিভিন্ন জিলালৈ বৰবিহ আমদানি কৰিছিল ব্যৱসায়ী সকলে| আৰক্ষীয়ে নাৰিকল গুদামৰ তলা ভাঙি গুদামৰ ভিতৰত আত্মগোপন কৰি থকা দুজনক আটক কৰে| উল্লেখযোগ্য যে এই সমগ্ৰ ঘটনা সম্পৰ্কে কলিয়াবৰ মহকুমাধিপতিৰ সৈতে যোগাযোগ কৰা পিছতে ওলাই উৰহী গছৰ ওৰ| কলিয়াবৰ মহকুমাধিপতয়ে নাগালেণ্ডলৈ পাচলি নিবৰ বাবে দুজন ব্যক্তিক দুখন গাড়ীৰ বাবে অনুমতি পত্ৰ প্ৰদান কৰিছিল| পিছত এই অনুমতি পত্ৰখন অসাধু ব্যৱসায়ীয়ে জালিয়াতি কৰি অতি সংগোপনে সংঘটিত কৰি আছিল শাক পাচলি আমদানিৰ দৰে বৃহৎ জালিয়াতি এক অসাধু ব্যৱসায়ী চক্ৰই|
আজি এই তথ্য পোহৰলৈ অহাৰ পিছতে কলিয়াবৰ মহকুমাধিপতিয়ে কলিয়াবৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি তদন্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে| ইফালে অতি চাঞ্চল্যকৰ ভাৱে জিলা প্ৰশাসনে পাচলি উদ্ধাৰ হোৱা গুদাম কেইটা এই পৰ্য্যন্ত চীল কৰা হোৱা নাই| নিশাৰ ভিতৰতে গুদামটোৰ পৰা ৰাসায়নিক সাৰ যুক্ত পাচলি সমূহ অন্তৰ্ধ্যান হলে যোৰহাট জিলা প্ৰশাসন জগৰীয়া হব বুলি মন্তব্য কৰিছে সচেতন মহলে|
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
