বোকাখাতত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস : সমাজৰ ৩৫ গৰাকী বিশিষ্ট লোকক সম্বৰ্ধনা :

বোকাখাতত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস : সমাজৰ ৩৫ গৰাকী বিশিষ্ট লোকক সম্বৰ্ধনা :
Aiidesh Photo
বোকাখাতত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস : সমাজৰ ৩৫ গৰাকী বিশিষ্ট লোকক সম্বৰ্ধনা :
বোকাখাতত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস : সমাজৰ ৩৫ গৰাকী বিশিষ্ট লোকক সম্বৰ্ধনা :

Aiidesh News : 12 March - 2026 :

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিৰ উদ্যোগত আজি বোকাখাত নাট্যমন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্য্যসুচীৰে পৰিষদৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয় । প্ৰতিষ্ঠা দিৱসৰ লগত সমগতি ৰাখি আজি পুৱা পৰিষদৰ পতাকা উত্তোলন কৰে বোকাখাত জিলা সমিতিৰ সভাপতি হেমন্ত বৰাই । ছহীদ তৰ্পণ কৰে জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ভৰালীয়ে । সতীৰ্থক স্মৰণ কৰে কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক নীলোৎপল খাউণ্ড আৰু জিলা সমিতিৰ উপদেষ্টা বিপুল বৰাই । পৰৱৰ্তী সময়ত অনুষ্ঠিত হোৱা এক মনোজ্ঞ অনুষ্ঠানত সমাজ জীৱনলৈ বিভিন্ন অৱদান আগবঢ়োৱা বোকাখাতৰ ৩৫ গৰাকী বিশিষ্ট ব্যক্তিক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বোকাখাত জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।

কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক নীলোৎপল খাউণ্ডে আঁত ধৰা এই সম্বৰ্ধনা অনুষ্ঠানত বোকাখাতৰ বিশিষ্ট শিক্ষাবিদ সুখময় পুৰকায়স্থ, প্ৰাক্তন অধ্যক্ষ ড০ বাবুলাল মোৰ, চি এন বি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শৰৎ দত্ত, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, ইন্দ্ৰজিত বাবাজী, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতা, লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা সুৱৰ্ণ শইকীয়া বৰদলৈ, সাহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰ, বিশিষ্ট লেখিকা কল্পনা চেতিয়া, প্ৰাক্তন ছাত্ৰ নেতা জয়প্ৰকাশ সোনাৰী, সমাজ সেৱক ভৰত ৰবিদাস, প্ৰাক্তন সতীৰ্থ অখিল দত্ত, কুকিল কাকতী, প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া, মহকুমা সাংবাদিক সংস্থাৰ সম্পাদক নীলু আচাৰ্য, জেষ্ঠ সাংবাদিৰ চন্দন গগৈ, পৰিৱেশ কৰ্মী মনোজ গগৈ, প্ৰাক্তন ছাত্ৰ নেতা বিপুল গগৈ, নাট্যকাৰ আৰু সাংবাদিক অমৰ শৰ্মা, প্ৰাক্তন সতীৰ্থ ললিত দত্ত, নুমলীগড়ৰ বিপুল বৰা, দিপক বৰুৱা, কাজিৰঙা নিউজ নেটৱৰ্কৰ সচিব সাংবাদিক দিব্যজ্যোতি হাজৰিকা, জেষ্ঠ সাংবাদিক ৰাজীৱ বৰা, সমৰকলাবিদ ৰাণা বৰুৱা আৰু দিলীপ কটকীক ফুলাম গামোছা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়ল। এই অনুষ্ঠানতে সাংবাদিক প্ৰদীপ হাজৰিকা, সুদীপ্ত তামুলী, ভাস্কৰ ৰাজখোৱা, জিন্টু কুৰ্মী,  অমৰ বৰি, ভুপেন হাজৰিকা, ত্ৰিনয়ন বৰা, ধ্ৰুৱ ৰাজখোৱা আৰু সন্দীপ পানিকা, চুতীয়া জাতি ছাত্ৰ সন্থাৰ সভাপতি মন্টু শইকীয়া, সম্পাদক লাচিত কাকতী আৰু  তাই আহোম ছাত্ৰ সন্থাৰ বিজয় ফুকনক বিশেষ সম্বৰ্ধনা জনোৱা হয় । 

পৰৱৰ্তী সময়ত উপদেষ্টা বিপুল বৰা, সভাপতি হেমন্ত বৰা আৰু কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক নীলোৎপল খাউণ্ডৰ যুটীয়া সঞ্চালনাত অনুষ্ঠিত আলোচনা আৰু পৰামৰ্শ বৈঠকত সম্বৰ্ধিত ব্যক্তি সকলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদলৈ বিভিন্ন পৰামৰ্শ আগবঢ়ায় । সাম্প্ৰতিক পটভুমিত অসহিষ্ণুতাৰ বাতাৱৰনেৰে ৰাজ্যত সৃষ্টি কৰা ভেদাভেদৰ ৰাজনীতিক প্ৰতিহত কৰিবলৈ কাৰ্যপন্থা প্ৰস্তুতৰ বাবেই আমাৰ আজিৰ এই বৈঠক বুলি জনায় নীলোৎপল খাউণ্ডে।

***************