কোৰোনা ভাইৰাছৰ সন্ত্ৰাস বৃদ্ধি পাইছে অসমত, দেশৰ ভিতৰত অসমৰ স্থান ১৮ সংখ্যক
                        কোৰোনা ভাইৰাছে ভাৰতত লৈছে ভয়াৱহ ৰূপ। এতিয়ালৈকে ভাৰতত ২০৯৫ গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত। ইয়াৰে অধিকাংশ লোক মহাৰাষ্ট্ৰৰ। ৰাজ্যখনত ৩৩৯ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে। দেশৰ মুঠ ৩০ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত সন্ত্ৰাস চলাইছে কোৰোনাই। ইয়াৰ ভিতৰত ১৮ নম্বৰত আছে অসম। অসমত এতিয়ালৈ ১৬ জন লোক কোৰোনাত আক্ৰান্ত হৈছে। অৱশ্যে অসমৰ ৪ জন লোক দিল্লীত কোৰোনাত আক্ৰান্ত হৈছে। এই সংখ্যাৰ সৈতে অসমৰ ২০ জন লোক এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈছে। দেশৰ কোৰোনাত আক্ৰান্ত কেইখনমান ৰাজ্য এনেধৰণৰ-
- মহাৰাষ্ট্ৰঃ ৩৩৯
 - কেৰালাতঃ ২৬৫
 - তামিলনাডুঃ ২৩৪
 - দিল্লীঃ ১৫২
 - অন্ধ্ৰপ্ৰদেশঃ ১৩২
 - ৰাজস্থানঃ ১২৯
 - তেলেংগানাঃ ১২৭
 - উত্তৰপ্ৰদেশঃ ১১৭
 - কৰ্ণাটকঃ ১১০
 - মধ্যপ্ৰদেশঃ ৯৮
 - গুজৰাটঃ ৮৭
 - জম্মু-কাশ্মীৰঃ ৬২
 - পঞ্জাৱঃ ৪৬
 - হাৰিয়ানাঃ ৪৩
 - পশ্চিমবংগঃ ৩৭
 - বিহাৰঃ ২৪
 - চণ্ডীগড়ঃ১৭
 - অসমঃ ১৬
 - লাডাখঃ ১৩
 
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
