ফেচবুকে জিঅ’ৰ ৯.৯ অংশীদাৰিত্ব ক্ৰয়৯% কৰিলে

ফেচবুকে জিঅ’ৰ ৯.৯ অংশীদাৰিত্ব ক্ৰয়৯% কৰিলে
জিঅ’ৰ অংশীদাৰিত্ব ক্ৰয়

আমেৰিকাৰ ছচিয়েল মিডিয়া কোম্পানী ফেচবুকে ভাৰতৰ ডিজিটেল মাৰ্কেটত নিজৰ উপস্থিতি বিস্তৃত কৰিবলৈ ৰিলায়েন্সৰ সৈতে এক ডাঙৰ চু্ক্তি সম্পন্ন কৰিছে। ফেচবুকে উদ্যোগপতি মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্সৰ সৈতে এক বৃহৎ চুক্তি সম্পন্ন কৰিছে। ফেচবুকে ৰিলায়েন্সৰ ডিজিটেল অপাৰেশ্যন ৰিলায়েন্স জিঅ’ত ৫.৭বিলিয়ন অৰ্থাৎ ৪৩,৫৭৪কোটি টকাৰ বিনিয়োগ কৰিছে। ফেচবুকে বুধবাৰে ইয়াৰ ঘোষণা কৰে।

ফেচবুকে ৰিলায়েন্স জিঅ’ৰ ৯.৯৯% অংশীদাৰিত্ব ৪৩,৫৭৪কোটি টকাত ক্ৰয় কৰিছে। এই চুক্তিৰে ফেচবুক এতিয়া ৰিলায়েন্স জিঅ’ৰ সৰ্ববৃহৎ অংশীদাৰ হৈ পৰিছে।

ফেচবুকে কয়, ‘এই বিনিয়োগে ভাৰতৰ প্ৰতি আমাৰ দায়ৱদ্ধতাক সূচাইছে। Jio–এ ভাৰতত যি ডাঙৰ পৰিৱৰ্তন সাধন কৰিছে তালৈ চাই আমিও উৎসাহিত হৈছো। চাৰি বছৰৰো কম সময়ত ৰিলায়েন্স জিঅ’ই ৩৮৮ মিলিয়নৰ অধিক লোকক অনলাইন প্লেটফৰ্মলৈ লৈ আনিলে। ইয়ে ইন’ভেশ্যন আৰু নতুন এণ্টাৰপ্ৰাইজেছক উৎসাহিত কৰিছে। মানুহক নতুন ধৰণে সংযোজিত কৰিছে। সেই কাৰণে আমি জিঅ’ৰ জৰিয়তে ভাৰতত আগতকৈ অধিক মানুহৰ সৈতে সংযোজিত হোৱাক লৈ সংকল্পবদ্ধ।’


উল্লেখযোগ্য যে ২০১৬বৰ্ষত ৰিলায়েন্স জিঅ’ৰ প্ৰৱৰ্তনৰ পিছত ৰিলায়েন্সেই দেশৰ একমাত্ৰ কোম্পানীৰূপে উদ্ভাসিত হৈছিল যিয়ে দ্ৰুত গতিত বৃদ্ধি পোৱা ভাৰতীয় বজাৰত আমেৰিকাৰ প্ৰযুক্তিগত সমূহৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ সক্ষম হৈ পৰে। ৰিলায়েন্সে ম’বাইল টেলিকমৰ পৰা হোম ব্ৰডবেণ্ডলৈকে সকলো দিশতে ই–কমাৰ্চৰ বিস্তাৰ কৰে


আনহাতে ভাৰততো ফেচবুক আৰু ইয়াৰ মেচেজিং প্লেটফ’ৰ্ম হোৱাটছএপৰ এক বৃহৎ মাৰ্কেট আছে। ভাৰতত ফেচবুকত ৪০০ মিলিয়ন ইউজাৰ আছে। দেশত ২০২২চনলৈকে ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ৮৫০ মিলিয়ন হোৱাৰ ধাৰণা কৰা হৈছে।