বোকাখাতত ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু ভোটাৰ ভেৰিফিয়েবল পেপাৰ অডিট ট্ৰেইলৰ সম্পৰ্কত বিশেষ সজাগতা কাৰ্যসূচী :

বোকাখাতত  ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু ভোটাৰ ভেৰিফিয়েবল পেপাৰ অডিট ট্ৰেইলৰ  সম্পৰ্কত বিশেষ সজাগতা কাৰ্যসূচী :
Aiidesh Photo

Aiidesh News  : 15 February 2024 : 

ভাৰতৰ নিৰ্বাচন আয়োগে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইলেক্ট্ৰনিক ভোটিং মেচিন চমুকৈ ইভিএম আৰু ভোটাৰ ভেৰিফিয়েবল পেপাৰ অডিট ট্ৰেইলৰ ওপৰত দেশজুৰি সজাগতা কাৰ্যসূচী আৰম্ভ কৰিছে । ভোটদান প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াটোৰ লগত জড়িত যন্ত্ৰসমূহৰ সৈতে নাগৰিক সকলক পৰিচিত কৰিবলৈ ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু ভোটাৰ ভেৰিফিয়েবল পেপাৰ অডিট ট্ৰেইলৰ ওপৰত সজাগতা বৃদ্ধি কৰিবলৈ এই কাৰ্যসূচী হাতত লোৱা হৈছে । দেশজোৰা এই সজাগতা কায্যসূচীৰ অংশ হিচাপে আজি বোকাখাত নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ উদ্যোগত  ১০৫ নং বোকাখাত বিধানসভা সমষ্টিৰ অন্তর্গত সমূহ ভোট গ্ৰহণ কেন্দ্ৰত এখন ম'বাইল ভানৰ জৰিয়তে ভোটাৰসকলক ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু ভোটাৰ ভেৰিফিয়েবল পেপাৰ অডিট ট্ৰেইলৰ কাৰ্য ব্যৱস্থা প্ৰদৰ্শনৰ এক সজাগতা কাৰ্যসূচী সম্পন্ন কৰা হয় । এই সজাগতা কাৰ্যসূচীত ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু ভোটাৰ ভেৰিফিয়েবল পেপাৰ অডিট ট্ৰেইলৰ মৌলিক বৈশিষ্ট্যবোৰৰ বিষয়ে তথ্য প্ৰদান কৰা, ভোট দানৰ প্ৰক্ৰিয়া স্বচ্চ কৰা আৰু ভোটাৰসকলে কেনেদৰে ভোটাৰ ভেৰিফিয়েবল পেপাৰ অডিট ট্ৰেইলৰ জৰিয়তে কিদৰে তেওঁলোকৰ পছন্দ প্ৰমাণিত কৰিব পাৰে সেই বিষয়ে শিক্ষিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

***********