নুমলীগড়ৰ বকিয়ালত বনৰীয়া হাতীৰ আক্ৰমনত এজন ব্যক্তিৰ মৃত্যু

villager killed by wild elephant

নুমলীগড়ৰ বকিয়ালত বনৰীয়া হাতীৰ আক্ৰমনত এজন ব্যক্তিৰ মৃত্যু
বনৰীয়া হাতীৰ আক্ৰমনত এজন ব্যক্তিৰ মৃত্যু

নুমলীগড়ৰ বকিয়ালৰ জেকচন গ্ৰান্ট গাওঁত বনৰীয়া হাতীৰ আক্ৰমণ এজন লোক শুক্ৰবাৰৰ  সন্ধিয়া শোকাবহ ভাৱে নিহত হয় ৷ বোধেশ্বৰ ভূঞা নামৰ লোকজনে পৰিবাৰসহ চাৰিজনীয়া এটা দলে সমীপৰে কালিয়নী বজাৰৰ পৰা ঘৰলৈ বুলি আহি থকাৰ সময়ত অকলশৰীয়া এটা বনৰীয়া হাতীয়ে অতৰ্কিতে আক্ৰমন কৰে ৷ হাতীৰ আক্ৰমনত দলটোৰ তিনিজন লোক পলাবলৈ সক্ষম হয় যদিও বোধেশ্বৰ ভূঞা বোলা লোকজন ঘটনাস্থলীতেই মৃত্যু হয় ৷ হাতীৰ আক্ৰমনত দলটোৰ ৰঞ্জিত বোলা লোকজনেও শৰীৰৰ বিভিন্ন স্থানত আঘাত পায় যদিও কোনোমতে পলায় সাৰে ৷ দেশত চলি থকা লক ডাউনৰ মাজতেই বনৰীয়া হাতীৰ আক্ৰমনত বোধেশ্বৰ ভূঞাৰ মৃত্যুয়ে বকিয়াল অঞ্চলত শোকৰ ছাঁ পেলায় ৷ নিহত বেধেশ্বৰ ভূঞা বকিয়ালৰ জেকচন গাওঁৰ বুলি জানিব পৰা গৈছে ৷