শিক্ষামন্ত্ৰী ডা৹ ৰনোজ পেগুৰ পিতৃ প্ৰয়াত শিশুৰাম পেগু স্মাৰক ন্যাসৰ উদ্যোগত বোকাখাতত কেৰিয়াৰ গাইডেঞ্চ কৰ্মশালা :

শিক্ষামন্ত্ৰী ডা৹ ৰনোজ পেগুৰ পিতৃ প্ৰয়াত শিশুৰাম পেগু স্মাৰক ন্যাসৰ উদ্যোগত বোকাখাতত কেৰিয়াৰ গাইডেঞ্চ কৰ্মশালা  :
Aiidesh Photo
শিক্ষামন্ত্ৰী ডা৹ ৰনোজ পেগুৰ পিতৃ প্ৰয়াত শিশুৰাম পেগু স্মাৰক ন্যাসৰ উদ্যোগত বোকাখাতত কেৰিয়াৰ গাইডেঞ্চ কৰ্মশালা  :

Aiidesh News  : 21 July - 2025 : 

বোকাখাত সমজিলাৰ প্ৰথম গৰাকী অসামৰিক প্ৰশাসনিক বিষয়া তথা অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডা৹ ৰনোজ পেগুৰ পিতৃ প্ৰয়াত শিশুৰাম পেগুৰ স্মৃতিত গঠিত "শিশুৰাম পেগু স্মাৰক ন্যাসৰ উদ্যোগত ২০ জুলাইত বোকাখাতত কেৰিয়াৰ গাইডেঞ্চ নামৰ এক কৰ্মশালা অনুষ্ঠিত হয় ৷ বোকাখাতৰ নৱ নিৰ্মিত মিচিং জিৰণি চ'ৰাত আয়োজিত এই কৰ্মশালাত বোকাখাতৰ সম জিলাৰ ধনশিৰিমুখ আৰু অনান্য স্থানৰ আৰ্থিকভাৱে পিছপৰা আৰু প্ৰচুৰ সম্ভাৱনা থকা ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত জীৱন গঢ়াৰ ওপৰত আমন্ত্ৰিত সমল ব্যক্তি সকলে বক্তব্য আগবঢ়ায় ৷ কৰ্মশালাৰ আৰম্ভণিতে প্ৰয়াত শিশুৰাম পেগুৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে  ন্যাসৰ সভাপতি তথা প্ৰয়াত শিশুৰাম পেগুৰ বৰ জীয়ৰী নন্দিতা পেগু চায়েঙীয়াই আৰু উপস্থিত অতিথিবৃন্দই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । কেৰিয়াৰ গাইডেন্স কৰ্মশালাৰ আমন্ত্ৰিত সমল ব্যক্তি তথা বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ সহঃ অধ্যাপক ড°তুলসী বৰাই মনোগ্ৰাহীকৈ ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যত জীৱন গঢ়াৰ ওপৰত আলোকপাতৱকৰে । কৰ্মশালাত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় অনুষ্ঠানৰ সঞ্চালনা কৰে অৱসৰপ্ৰাপ্ত শিক্ষক মুহিৰাম লইঙে ৷ বোকাখাতৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ৭০ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত সদৌ অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ কাৱৰ সভাপতি ভৱানন্দ কলিতা, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ধনশিৰি -দিচৈ সমষ্টিৰ প্ৰাক্তন সাধাৰণ গদস্য সুধীৰ চন্দ্ৰ মৰাং, সন্মিলিত গণ শক্তিৰ প্ৰাক্তন ব্লক সভাপতি দিগন্ত কুটুম, মিচি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক বিমানজ্যোতি লইং আৰু জিলা সভাপতি জিতু কুমাৰ বৰি, মিচিং সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ সভাপতি মনেশ্বৰ কুটুম, যোগেন টাইদ, ভৰত কুটুম, তুলসীকান্ত কুটুম, ৰিণ্টু পেগু, বিৰলা পেগু, শচীন দলে, নন্দেশ্বৰ কুটুম উপস্থিত থাকে ৷ ন্যাসৰ সভাপতি নন্দিতা পেগু চায়েঙীয়াই আদৰণি ভাষণ প্ৰদান কৰা এই কৰ্মশালাত সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে ন্যাসৰ সচিব বগাই চিন্তেয়ে। সন্মানীয় অতিথি আৰু  অংশগ্ৰহণকাৰী শিক্ষাৰ্থী সকলক প্ৰয়াত শিশুৰাম পেগুদেৱৰ দ্বাৰা ৰচিত  গ্ৰন্থৰ টোপোলা ন্যাসৰ হৈ প্ৰয়াত শিশুৰাম পেগুৰ পুত্ৰ প্ৰণোজ কুমাৰ পেগুৱে আগবঢ়ায় । ন্যাসৰ সহকাৰী সম্পাদক বৰুণ পাংগিঙে শলাগৰ শৰাই আগবঢ়ায় আৰু জাতীয় সংগীতেৰে কৰ্মশালাৰ সামৰণি ঘোষণা কৰা হয় ।

************