ঘৰতে পাব মাংস, মাথো অপেক্ষা কৰক

ঘৰতে পাব মাংস, মাথো অপেক্ষা কৰক
ঘৰতে পাব মাংস, মাথো অপেক্ষা কৰক

বিহুৰ বতৰত গুৱাহাটীৰ আমিষভোজীলৈ সু-খবৰ৷ আজিৰ পৰা কামৰূপ মহানগৰ জিলা প্রশাসনে গ্রাহকক মাংস যোগান ধৰিবলৈ ব্যৱস্থা গ্রহণ কৰিছে৷

ইয়াৰ বাবে গুৱাহাটী পৌৰ নিগম আৰু কামৰূপ মহানগৰ জিলাৰ পশুপালন আৰু পশু চিকিৎসাৰ কার্যালয়ে বিভিন্ন ৱার্ডত নির্ধাৰণ কৰি দিয়া দোকানীয়ে নিজৰ এলেকাৰ গ্রাহকৰ ঘৰে ঘৰে গৈ ব্রইলাৰ মাংসৰ যোগান ধৰিব৷

প্রশাসনে ৱার্ডসমূহৰ ৩৫গৰাকী ব্যৱসায়ীৰ নাম আৰু যোগাযোগৰ বাবে ম’বাইল নম্বৰসমূহ গ্রাহকৰ সুবিধা হোৱাকৈ প্রকাশ কৰিছে৷ উল্লেখযোগ্য যে প্রশাসনে বিক্রেতাৰ বাবে ব্রইলাৰ মাংসৰ দামো নির্ধাৰণ কৰি দিছে৷ সেই অনুসৰি গোটা বইলাৰৰ(জীয়াই থকা) দাম প্রতি কিল’গ্রামত ১৫০ টকা আৰু কটা ব্রইলাৰ মাংসৰ দাম প্রতি কিল’গ্রামত ২২০ টকা৷

মাংসৰ দাম অথবা ইয়াৰ গুণগত মানক লৈ গ্রাহকৰ অভিযোগ সত্য হ’লে ব্যৱসায়ীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱা হ’ব বুলি জিলা প্রশাসনৰ তৰফৰ পৰা স্পষ্ট কৰি দিছে৷ মাংস বিক্রীৰ ক্ষেত্রত ব্যৱসায়ীসকলে জিলা প্রশাসনৰ আন কেতবোৰ নির্দেশ মানি চলিব লাগিব৷

সেই অনুসৰি ব্যৱসায়ীয়ে সজীৱ আৰু গুণগত মাংস বিক্রী কৰিব লাগিব৷ বেয়া তথা নিম্নমানৰ মাংস বিক্রী কৰিলে আইনী ব্যৱস্থা ল’ব৷ মাংসৰ ক্ষেত্রত সম্পূর্ণ বিজ্ঞানসন্মতভাৱে ব্রইলাৰটো মাৰিব লাগিব৷ এই ক্ষেত্রত পৰিষ্কাৰ-পৰিচছন্নতা বর্ই ৰাখিব লাগিব৷

পেকেজিং ভালদৰে কৰিব লাগিব৷ ব্রইলাৰ বা ইয়াৰ মাংস কেৱল ঘৰে ঘৰে গৈ যোগান ধৰিব লাগিব৷ দোকান বা বজাৰত বিক্রীৰ কোনো অনুমতি নাই৷ এই সকলো প্রক্রিয়াতে কৰ’না ভাইৰাছৰ প্রতিৰোধৰ বাবে মানি চলিবলগীয়া স্বাস্থ্যসন্মত বিধি মানি চলিব লাগিব৷ ব্রইলাৰ মাংস বিক্রীৰ এই প্রক্রিয়াটো তদাৰক কৰিব গুৱাহাটী পৌৰ নিগম আৰু জিলা পশুপালন আৰু পশু চিকিৎসা কার্যালয়ে৷