চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ত গণিত বিভাগৰ বিশেষ পাঠ্যক্ৰমৰ আৰম্ভণি : প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উপযোগীকৈ কৰা হৈছে বিশেষ পাঠদান :

চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ত গণিত বিভাগৰ বিশেষ পাঠ্যক্ৰমৰ আৰম্ভণি : প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উপযোগীকৈ কৰা হৈছে বিশেষ পাঠদান  :
Aiidesh Photo

Aiidesh News  :  9 September 2023  :  

বোকাখাতৰ বিজ্ঞানৰ উচ্চ শিক্ষানুষ্ঠান চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ গণিত বিভাগৰ উদ্যোগত আৰু বোকাখাত শৈক্ষক দিশৰ অগ্ৰণী বেচৰকাৰী সংস্থা কেৰিয়াৰ কেয়াৰৰ সহযোগত এক ছয় মহীয়া এড অন কৰ্চৰ আৰম্ভণি কৰা হয় । জেনেৰেল ইন্টেলিজেঞ্চ, ৰিজ'নিং আৰু কোৱান্টিটেটিভ এপটিটিউড শীর্ষক এই বিশেষ পাঠ্যক্ৰমত মহাবিদ্যালয়ৰ উপৰিও বাহিৰৰ ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰিব পাৰিব বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই জনাইছে ৷

মূখ্যতঃ কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰৰ বিভিন্ন চাকৰি, বেংক আদি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আদিত সুবিধা হোৱাকৈ এই বিশেষ পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে ৷ মহাবিদ্যালয় কর্তৃপক্ষই জনোৱা অনুসৰি এই পাঠ্যক্ৰমত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অনুমোদন জনাইছে । ৮ ছেপ্তেম্বৰত মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত এই পাঠ্যক্ৰম উন্মোচন কৰে নুমলীগড় তেল শোধনাগাৰৰ জ্যেষ্ঠ মহাপ্ৰৱন্ধক মিন্টু সন্দিকৈয়ে ৷  এই অনুষ্ঠানতে চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয় আৰু কেৰিয়াৰ কেয়াৰৰ মাজত এখন বুজাবুজি চুক্তিও স্বাক্ষৰিত হয় ।  কেৰিয়াৰ কেয়াৰৰ হৈ বিকাশ বৰুৱাই এই চুক্তিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে পাব পৰা সুবিধা সমূহ উল্লেখ কৰে । 

চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰজিত দত্তৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোৰ আঁত ধৰে গণিত বিভাগৰ মুৰব্বী অধ্যাপক ড৹ ৰুবুল বৰাই । পাঠ্যক্ৰমৰ সম্পৰ্কে ড৹ বিদ্যুৎ বৰুৱাই বক্তব্য আগবঢ়ায় ৷ উল্লেখ্য যে এই প্ৰচেষ্টাই মহাবিদ্যালয় খনৰ লগতে বোকাখাতৰ সকলো ছাত্ৰ-ছাত্ৰীকে যথেষ্ট উপকৃত কৰিব বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই জনাইছে । লগতে মহাবিদ্যালয়ৰ বাহিৰৰ কোনো ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে এই পাঠ্যক্ৰম গ্ৰহণ কৰিব বিচাৰিলে বিভাগৰ লগত যোগাযোগ কৰিবলৈ আহ্বানো জনাইছে ৷

*********