লায়ন্স ক্লাৱ গুৱাহাটীৰ দৰিদ্ৰ লোকৰ মাজত খাদ্য- সামগ্ৰী বিতৰণ

লায়ন্স ক্লাৱ গুৱাহাটীৰ  দৰিদ্ৰ লোকৰ মাজত খাদ্য- সামগ্ৰী বিতৰণ

 লায়ন্স ক্লাৱ গুৱাহাটীয়ে অসহায় আৰু দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিছে।মাৰাত্মক কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহতৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা লকডাউন কাৰ্যসূচীৰ জৰিয়তে সামাজিক দূৰত্ব বজাই ৰাখি সকলোৱে ঘৰতে বন্দী হৈ থাকিবলগীয়া হৈছে। এই লকডাউন কাৰ্যসূচীৰ ফলত দৈনিক মজুৰি কৰা লোকসকল সমস্যাৰ সন্মুখীন হৈছে। এই লোকসকলক সহায়ৰ বাবে লায়ন্স ক্লাব গুৱাহাটীয়ে ঘৰে ঘৰে চাউল, আলু,দাইলকে আদি কৰি বিভিন্ন ধৰণৰ খাদ্য-সামগ্রী যোগান ধৰাৰ কাৰ্যসূচী আৰম্ভ কৰিছে। বৃহস্পতি বাৰে প্ৰায় পাঁচশ পৰিয়ালৰ মাজত এই খাদ্য-সামগ্রী বিতৰণ কৰে। লায়ন্স ক্লাৱ গুৱাহাটীৰ সভাপতি সুনীল আগৰৱালে সকলোকে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়। লায়ন্স ক্লাৱৰ ধনভঁৰালী অজয় পোদ্দাৰে সদ্য-সামগ্ৰী বিতৰণত সহযোগিতা কৰে।