বোকাখাতত আয়ুষ্মান অসম কাৰ্ড আৰু কৃষি সামগ্ৰী বিতৰণ মন্ত্ৰী অতুল বৰাৰ : কৃষি পৰীক্ষাগাৰৰো আধাৰশিলা স্থাপন :
বোকাখাতত আয়ুষ্মান অসম কাৰ্ড আৰু কৃষি সামগ্ৰী বিতৰণ মন্ত্ৰী অতুল বৰাৰ : কৃষি পৰীক্ষাগাৰৰো আধাৰশিলা স্থাপন :
Aiidesh News : 6 June 2023 :
বোকাখাতত আজি মুখ্যমন্ত্রী জন আৰোগ্য যোজনাৰ অন্তর্গত আয়ুষ্মান অসম কাৰ্ড প্ৰদান আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে অসম চৰকাৰৰ কৃষিমন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই । এই উপলক্ষে বোকাখাত নাট্য মন্দিৰত আয়োজিত এক অনুষ্ঠানত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত বোকাখাত মহকুমাৰ মুঠ ৩৩ জন হিতাধিকাৰীক আয়ুষ্মান অসম কাৰ্ড আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয় ।
অনুষ্ঠানত কাৰ্ড সমূহ প্ৰদান কৰি মন্ত্ৰী অতুল বৰাই কয় যে, মুখ্যমন্ত্ৰীৰ নেতৃত্বত "আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা"ক সম্প্ৰসাৰণ ঘটাই অসমৰ স্বাস্থ্য খণ্ডত সংযোজন ঘটোৱা হৈছে আৰু এই অভিলাষী আঁচনিখনৰ জৰিয়তে ৫ লাখ টকাৰ নগদ বিহীন চিকিৎসাৰ নিশ্চয়তা প্ৰদানেৰে স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে । সকলোৰে বাবে স্বাস্থ্য সুৰক্ষা সহজলভ্য কৰি তোলা "আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা" নামৰ আঁচনিখন অসমৰ স্বাস্থ্য সেৱাৰ এক মাইলৰ খুঁটি বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে আঁচনিখনৰ জৰিয়তে ৰাজ্যখনৰ আৰ্থিকভাৱে অনগ্ৰসৰ শ্ৰেণীৰ জনসাধাৰণ যথেষ্ট উপকৃত হ'ব । উল্লেখযোগ্য যে বিভাগীয় তথ্য মতে বোকাখাত মহকুমাত বৰ্তমান প্রায় ৯১,০০০ জন হিতাধিকাৰীৰ নাম এই যোজনাৰ অধীনত পঞ্জীয়ন হৈছে ।
আজিৰ এই অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই অতিৰিক্ত উপায়ুক্ত তথা বোকাখাত মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডা: নেহা যাদৱে । অনুষ্ঠানত গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) ৱাছবীৰ চুভানী, বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া সৌভিক দত্ত প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিষয়া, বোকাখাত মহকুমা প্ৰশাসনৰ অন্যান্য বিষয়া-কৰ্মচাৰী,বোকাখাত পৌৰসভাৰ পৌৰপতি , উপ- পৌৰপতি, ৱাৰ্ড কমিছনাৰ সকল,পঞ্চায়ত প্ৰতিনিধি সকলৰ লগতে হিতাধিকাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।
এই অনুষ্ঠানৰ উপৰিও গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত বোকাখাতত কৃষি বিভাগৰ জ্ঞান কেন্দ্ৰ ও প্ৰশিক্ষন কেন্দ্ৰ , মান নিয়ন্ত্ৰন, জীৱানু সাৰ আৰু জৈৱিক সাৰৰ পৰীক্ষাগাৰৰ আধাৰশিলাও স্থাপন কৰে কৃষি মন্ত্ৰী অতুল বৰাই ৷ অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে কয় যে বোকাখাতত কৃষি জ্ঞান ও প্ৰশিক্ষন কেন্দ্ৰ মুকলি কৰি আমি খুব সুখী ৷ তেওঁৰ মতে বোকাখাতৰ কৃষকে বহি:ৰাজ্যলৈ ৰঙালাও প্ৰেৰণ কৰি এক কোটিৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ একোজন কৈ কৃষকে লাভ কৰিছে ১০ৰ পৰা ১৫ লাখ টকা ৷
ইয়াৰ উপৰিও কৃষি মন্ত্ৰী অতুল বৰাই আজি বোকাখাত মহকুমা কৃষি কাৰ্যালয়ৰ বাকৰিত আৰ কে ভি য়াই আঁচনিৰ অধীনত গোলাঘাট জিলাৰ মান নিয়ন্ত্ৰন, জীৱানু সাৰ আৰু জৈৱিক সাৰ পৰীক্ষাগাৰ ভৱনৰো আধাৰশিলা স্থাপন কৰে । অসম সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ শৰ্মাই । অনুষ্ঠানতে বোকাখাত মহকুমাৰ কৃষকক বিভিন্ন কৃষি সা-সঁজুলি ৰাজ সাহায্যৰ পাৱাৰ টিলাৰ, খেৰ কটা যন্ত্ৰ, শক্তিচালিত বন নিৰণি যন্ত্ৰ, ট্ৰাই চাইকেল, ডাইল পিচা মেচিন আদি বিভিন্ন কৃষি সা সঁজুলি , মহিলাসকলৰ বাবে পিঠা খুন্দা যন্ত্ৰও বিতৰণ কৰা হয় ৷
**********