মিচন বসুন্ধৰাত ৰাইজৰ আবেদন নাকচ হোৱাৰ পটভূমিত বোকাখাতত প্ৰতিবাদ :

Aiidesh News  : 10 November 2023  :

মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে সকলো থলুৱা লোকক ম্যাদি পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন কৰাত আজি বোকাখাতৰ একাংশ জনতাই প্ৰতিবাদ সাব্যস্ত কৰে । মিচন বসুন্ধৰাৰ যোগেদি সকলো চৰকাৰী ভূমি আবণ্টনৰ স্থায়ী সমাধান কৰাৰ কথা আছিল । সেই অনুসৰি সকলো শ্ৰেনী নাগৰিকে মাহৰ পিছত মাহ ধৰি অনলাইন প্ৰক্ৰিয়াৰে আবেদন কৰা সম্পন্ন কৰিছিল । কিন্তু শেষতীয়াকৈ মিচন বসুন্ধৰাৰ আবেদন সমূহৰ প্ৰায় ৮০-৯০ শতাংশ নাকচ হোৱাৰ ঘটনা    চৰকাৰীভাৱেই উন্মোচিত হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিততে আজি দিনৰ ১১ বজাত বোকাখাতৰ অন্তৰ্গত আমটেঙা বালিজানৰ আদৰ্শ মিচিং গাঁৱৰ ৰাইজে মিচন বসুন্ধৰাৰ এনে বিসংগতিৰ বাবে  বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদস্থলীৰ পৰাই ৰাজহ চক্ৰ বিষয়াৰ যোগেদি  মুখ্যমন্ত্রীলৈ বুলি এক ৰাজহুৱা স্মাৰক পত্ৰ প্ৰেৰণ কৰে । 

বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘৰ নেতৃত্বত ট্ৰাইবেল সংঘ, টি এম পি কে, আৰু এম এম কে নামৰ সংগঠনে এই  প্ৰতিবাদত অংশ গ্ৰহন কৰে । প্ৰতিবাদ থলিত জীপালৰ উপদেষ্টা সোনেশ্বৰ নৰহ আৰু মুকক নামৰ সংগঠনৰ সদস্য বিজু পেগু,এম এম কেৰ জিলা সভাপতি মনেশ্বৰ কুটুম, টি এম পি কেৰ জিলা সভাপতি জিতু বড়ি, ট্ৰাইবেল সংঘৰ হৈ দিগন্ত কুটুম আৰু ভৰত কুটুম আদি উপস্থিত থাকে । প্ৰতিবাদী কাৰ্যসুচীৰে প্ৰতিবাদী ৰাইজে থলুৱা লোকক অগ্ৰাধিকাৰ ভিত্তিত ম্যাদী পট্টা প্ৰদান কৰক, বিনা চৰ্তে ধনশিৰিৰ খহনীয়াগ্ৰস্ত লোক সকলৰ ভূমি পট্টা কৰক, মিচন বসুন্ধৰাৰ নামত প্ৰবঞ্চনা বন্ধ কৰক, শুনানী অবিহনে আবেদন নাকচ প্ৰক্ৰিয়া বন্ধ ৰাখক, মিচন বসুন্ধৰাৰ উৰ্ধত থলুৱা লোকক ভূমি পট্টা প্ৰদান কৰক আদি শ্ল'গানেৰে বোকাখাত ৰাজহ চক্ৰ বিষয়াৰ পৰিৱেশ মুখৰিত কৰে । ৰাইজৰ এই দাবী অসম চৰকাৰে সমাধান নকৰিলে প্ৰতিবাদী ৰাইজে আগন্তুক দিনবোৰত ব্যাপক গণ আন্দোলনৰ লগতে আমৰণ অনশন কাৰ্য্যসূচী ৰূপায়ন কৰিব হব বুলিও স্মাৰক পত্ৰত উল্লেখ কৰে ।