বোকাখাতত মিছন বসুন্ধৰা ৩.০ ৰ পট্টা বিতৰণৰ কাৰ্যসুচী : অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষৰ মাজত ৬৪৫ খন পট্টা বিতৰণ : বোকাখাত নামত ‘ট’ ব্যৱহাৰ কৰাত সাংবাদিকৰ প্ৰতিবাদ :

বোকাখাতত মিছন বসুন্ধৰা ৩.০ ৰ পট্টা বিতৰণৰ কাৰ্যসুচী : অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষৰ মাজত ৬৪৫ খন পট্টা বিতৰণ : বোকাখাত নামত ‘ট’ ব্যৱহাৰ কৰাত সাংবাদিকৰ প্ৰতিবাদ :
Aiidesh Photo

Aiidesh News : 27 February - 2026 :

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত “মিছন বসুন্ধৰা ৩.০”ৰ অধীনত ভুমিৰ পট্টা বিতৰণ অনুষ্ঠান আজি বোকাখাতৰ কেন্দ্ৰীয় বিহুতলিত বোকাখাত সমজিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় । মিছন বসুন্ধৰা ৩.০ৰ মূল লক্ষ্য হৈছে ৰাজ্যখনত ভূমি সম্পৰ্কীয় নথিপত্ৰ ডিজিটেল কৰা, স্পষ্ট ভূমি অধিকাৰ নিশ্চিত কৰা আৰু জনসাধাৰণক সহজ আৰু স্বচ্ছ ভূমি সেৱা প্ৰদান কৰা । আজি বোকাখাতত অনুষ্ঠিত মিছন বসুন্ধৰা ৩.০ ৰ ভুমিৰ পট্টা প্ৰদান অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বোকাখাতৰ বিধায়ক অতুল বৰা, বোকাখাত সমজিলাৰ আয়ুক্ত শিৱানী জাৰ্নগেল, জিলা পৰিষদৰ সভাপতি পুৰ্নিমা দাস, বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, বিজেপি দলৰ প্ৰাক্তন জিলাৰ সভাপতি দেৱ প্ৰদীপ বৰা, জিলা সম্পাদক বেদব্ৰত বৰা, অসম গনপৰিষদ দলৰ সম্পাদক উৎপল বৰদলৈ, অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, ঢোলৰ ওজা সোমনাথ বৰা, ৰাজহ চক্ৰ বিষয়া দেবাহুতি ডেকাৰ উপৰিও পৌৰসভা আৰু গাওঁ পঞ্চায়তৰ প্ৰতিনিধি সকল উপস্থিত থাকে। 

অনুষ্ঠানৰ আৰম্ভনীতেই ধেমাজিত অনুষ্ঠিত হোৱা ভুমি পট্টা বিতৰণৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিয়া ভাষণৰ পোনপতীয়া সম্প্ৰচাৰ দেখুৱাৰ পিচতেই মন্ত্ৰী অতুল বৰাৰ ভাষণেৰে বোকাখাতত ভুমি প্ৰদান কাৰ্যসুচী আনুষ্ঠানিক ভাৱে আৰম্ভ কৰা হয়। নিজৰ ভাষণত মন্ত্ৰী অতুল বৰাই ২০২১ চনৰ পৰা মিচন বসুন্ধৰাৰ আঁচনিৰে বোকাখাত সম জিলাৰ মুঠ ২৮৮৩ গৰাকী ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানে মাটি পট্টা পাবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে লগতে আজিৰ অনুষ্ঠানত মিছন বসুন্ধৰা ৩.০ ৰ অধীনত বোকাখাত সম জিলাৰ মুঠ ৬৪৫ খন পট্টা প্ৰদান কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে । ইয়াৰে ২৪৭ খন আবেদনৰ মাজৰ ২২৪ গৰাকী ব্যক্তিয়েও ভুমিৰ পট্টা লাভ কৰিব বুলি অতুল বৰাই জনায় । ইফালে অনুষ্ঠানটোৰ বাবে বোকাখাতৰ কেন্দ্ৰীয় বিহুতলীত লগোৱা বিভিন্ন বেনাৰত ‘বোকাখাত’ ৰ ঠাই ‘বোকাখাট’ বুলি লিখাৰ বাবে অনুষ্ঠান চলি থাকোতেই বেনাৰ বোৰত থকা ‘বোকাখাট’ শব্দত কলা ৰং সানি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় সাংবাদিকে । চৰকাৰী কাৰ্যত বোকাখাত নাম লিখোতে ‘ট’ ৰ পৰিৱৰ্তে ‘ত’ ব্যৱহাৰ কৰিবৰ বাবে বোকাখাতৰ বৌধিক সমাজে সদায় দাবী জনাই আহিছে । ইয়াৰ পিচতো প্ৰশাসনে পুনৰ একে কাৰ্যৰ পুনৰাবৃত্তি কৰাৰ প্ৰতিবাদতেই স্থানীয় সাংবাদিকে এই দৰে প্ৰতিবাদ জনায় । 

উল্লেখ্য যে অসম চৰকাৰৰ মিছন বসুন্ধৰা ৩.০ৰ জৰিয়তে চাটেলাইট চাৰ্ভে, এছ ভি এ এম আই টি ভি এ আঁচনি আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে অসমৰ গাঁওসমূহত ভূমিৰ সীমা নিৰ্ধাৰণ কৰা হৈছে । ইয়াৰ ফলস্বৰূপে বহুদিন ধৰি বঞ্চিত লোকসকলক বৈধ ভূমি পট্টা প্ৰদান সম্ভৱ হৈ উঠিছে। এই আঁচনিয়ে গাঁও অঞ্চলৰ উন্নয়ন, অৰ্থনৈতিক স্থিতিশীলতা আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।

***********