১৫ মে’লৈ স্কুল–কলেজ, শ্বপিং মল, ধৰ্মীয় অনুষ্ঠান বন্ধ ৰখাৰ পোষকতা

১৫ মে’লৈ স্কুল–কলেজ, শ্বপিং মল, ধৰ্মীয় অনুষ্ঠান বন্ধ ৰখাৰ পোষকতা
১৫ মে’লৈ স্কুল–কলেজ, শ্বপিং মল, ধৰ্মীয় অনুষ্ঠান বন্ধ ৰখাৰ পোষকতা

কোৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণৰ বাবে গঠিত মন্ত্ৰীগোটে ১৫ মে’লৈ সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ৰখাৰ লগতে সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ ৰখাৰ পোষকতা কৰিছে। মন্ত্ৰীগোটে কয় যে চৰকাৰে ২১ দিনীয়া লকডাউন বৃদ্ধি কৰক বা নকৰক, কিন্তু শিক্ষা প্ৰতিষ্ঠান তথা ধৰ্মীয় অনুষ্ঠান ১৫ মে’লৈ বন্ধ ৰাখিব লাগে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত মন্ত্ৰীগোটে এয়া নিশ্চিত কৰিছে যে ধৰ্মীয়স্থল, শ্বপিং মল আৰু শৈক্ষিক প্ৰতিষ্ঠান প্ৰতিষ্ঠানসমূহ ১৪ এপ্ৰিলৰ পিছত অন্তত আৰু চাৰি সপ্তাহৰ বাবে আৰম্ভ কৰাৰ অনুমতি দিব নোৱাৰি। ১৪ এপ্ৰিল বৰ্তমান লকডাউনৰ অন্তিম তাৰিখ। এই বৈঠকত গৃহ মন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনো উপস্থিত থাকে।

মন্ত্ৰীগোটে কয় যে সকলো ধৰ্মীয় সংগঠনক কোৰোণা ভাইৰাছৰ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি ১৫ মে’লৈ কোনো অনুষ্ঠানৰ অনুমতি দিব নোৱাৰি। উল্লেখযোগ্য যে এই মন্ত্ৰীগোটৰ গঠন দেশত কোৰোণা ভাইৰাছৰ বাবে উৎপন্ন হোৱা স্থিতিৰ সমীক্ষা কৰা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰামৰ্শ দিয়াৰ বাবে গঠন কৰা হৈছে।