কাজিৰঙা ৰষ্ট্ৰীয় উদ্যানৰ সীমাতে থকা বৰজুৰিৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত স্থানীয় মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱকৰ দ্বিতীয়টো দলৰ বাবে বিশেষ কৰ্মশালা :

কাজিৰঙা ৰষ্ট্ৰীয় উদ্যানৰ সীমাতে থকা বৰজুৰিৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত স্থানীয় মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱকৰ দ্বিতীয়টো দলৰ বাবে বিশেষ কৰ্মশালা :

Aiidesh News: 26 June 2023 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাতে থকা বৰজুৰিৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত আজি সাম্ভাৱ্য বানপানীৰ পটভুমিত স্থানীয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বিতীয়টো স্বেচ্ছাসেৱকৰ দলক বানপানীৰ পটভুমিত প্ৰাৰম্ভিকভাৱে সজাগ কৰাৰৰ এক কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ লগতে বোকাখাতৰ চি এন বি বিজ্ঞান মহাবিদাযলয়ৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালাত মহাবিদ্যালয় খনৰ ১৫ গৰাকী স্বেচ্ছাসেৱকে অৎশ গ্ৰহন কৰে ৷ 

পৰিবেশ কৰ্মী উত্তম শইকীয়াই আঁত ধৰা কৰ্মশালাত সমল ব্যক্তি হিচাবে কেন্দ্ৰটোৰ জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলীয়ে অংশ গ্ৰহন কৰাৰ উপৰিও ডা৹ ওমকাৰ কুঞ্জদেকাৰ আৰু মেঘনা মুৰালী আয়াৰে অংশ গ্ৰহন কৰে  ৷ সমল ব্যক্তি হিচাবে ডা৹ চামচুল আলীয়ে উদ্ধাৰৰ নামত বন্যপ্ৰাণী কৰায়ত্ব কৰা কাৰ্যই মানুহ আৰু বন্যপ্ৰাণী দুয়োকে বিপদ পেলাব পাৰে বুলি মন্তব্য কৰি কেপচাৰ মায়'পেথি আৰু দুৰ্গত বন্যপ্ৰাণীক উদ্ধাৰৰ বাবে কৰিব লগা আৰু মানিব লগা কাৰ্যৱলীৰ বিষয়ে সচিত্ৰ উপস্থাপনেৰে বাখ্যা কৰে ৷ বন্যপ্ৰাণী উদ্ধাৰৰ বাবে আনুষ্ঠানিক শিক্ষা নাথাকিলে উদ্ধাৰ কাৰ্যই বন্যপ্ৰাণীক বিপদতহে পেলায় ৷ এনে অৱস্থাত বন্যপ্ৰাণী উদ্ধাৰৰ ঠাইত বিপদাগ্ৰস্ত বন্যপ্ৰাণীক সুৰক্ষা দি সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰিবৰ বাবে তেওঁ আহ্বান জনায় ৷

উল্লেখ্য যে হ'ব পৰা বানপানীৰ সময়ত কাজিৰঙাৰ কাষৰীয় অঞ্চলত বন্যপ্ৰানী সুৰক্ষা আৰু জন সজাগতা সৃষ্টিৰ লগতে কাজিৰঙাৰ এনিমেল কৰিডৰ বোৰত যান বাহনৰ গতি নিয়ন্ত্ৰনৰ উপৰিও বন্যপ্ৰাণী সুৰক্ষাৰ বাবে বনকৰ্মী সকলক সহায় কৰিব পৰাকৈ এই স্বেচ্ছাসেৱক সকলক সজাগ কৰি তোলা হৈছে ৷ 

কৰ্মশালাত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সমংক্ষণ কেন্দ্ৰৰ দক্ষ আৰু অভিজ্ঞ এনিমেল কীপাৰ তৰুণ গগৈ আৰু হেমাকান্ত নাথে স্বেচ্ছাসেৱক সকলক বন্যপ্ৰাণী উদ্ধাৰৰ সময়ত ল'ব লগা নীতি নিয়ম আৰু সঁজুলি সমুহ ব্যৱহাৰ প্ৰদৰ্শন কৰে ৷ আজিৰ এই দ্বিতীয় কৰ্মশালত চি এন বি মহাবিদ্যালয়ৰ ১৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷

*********