বনৰীয়া হাতীৰ কৱলৰ পৰা শস্য ৰক্ষাৰ বাবে বোকাখাত সম জিলাৰ গেলেকা বালিজানত সৌৰচালিত বেৰা : নিৰ্মান কৰিছে স্থানীয় ৰাইজে :

বনৰীয়া হাতীৰ কৱলৰ পৰা শস্য ৰক্ষাৰ বাবে বোকাখাত সম জিলাৰ গেলেকা বালিজানত সৌৰচালিত বেৰা : নিৰ্মান কৰিছে স্থানীয় ৰাইজে :
Aiidesh photo
বনৰীয়া হাতীৰ কৱলৰ পৰা শস্য ৰক্ষাৰ বাবে বোকাখাত সম জিলাৰ গেলেকা বালিজানত সৌৰচালিত বেৰা : নিৰ্মান কৰিছে স্থানীয় ৰাইজে :

Aiidesh News : 7 November ‐ 2025 : 

পথাৰত ধান পকিবলৈ লোৱাৰ লগে লগেই বৃদ্ধি পাইছে হাতী আৰু মানুহৰ সংঘাত । বোকাখাত সম জিলাৰ বিভিন্ন প্ৰান্ততো বৃদ্ধি পাইছে এই সংঘাত । কাৰ্বি আংলং পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে প্ৰতি বছৰেই বিনষ্ট কৰি আহিছে বোকাখাত সম জিলাৰ গেলেকা বালিজান পথাৰৰ ধান । গেলেকা বালিজানৰ এই পথাৰখন কাৰ্বি পাহাৰৰ নামনিত অৱস্থিত । যাৰ বাবে বহু কষ্টৰে ধানৰ খেতি কৰিলেও বনৰীয়া হাতীৰ কবলৰ পৰা পকা ধান ৰক্ষা কৰিবলৈ সক্ষম নহয় অঞ্চলটোৰ গাওঁবাসী । এইবাৰ পথাৰত ধান পকাৰ সময়তে গেলেকা বালিজান, শিলভেটা আৰু লক্ষ্মীজুৰি গাওঁৰ জনসাধাৰণে সমবেত হৈ গেলেকা বালিজান পথাৰৰ ধান ৰাখিবৰ বাবে কঁকালত টঙালি বান্ধি হাতে কামে লাগি পাহাৰৰ নামনিত সৌৰচালিত বৈদ্যুতিক বেৰা নিৰ্মানৰ কাম আৰম্ভ কৰিছে । এই বেৰাই সাময়িকভাৱে বনৰীয়া হাতীৰ কৱলৰ পৰা পথাৰৰ ধান ৰক্ষা কৰিব বুলি জনাইছে স্থানীয় ৰাইজে । পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাত বনাঞ্চলিক কাৰ্যালয়ৰ অনুমতিৰে বেচৰকাৰী প্ৰকৃতি সংগঠন বিশ্ব প্ৰকৃতি নিধি আৰু ভুমি নামৰ সংগঠনৰ সহযোগিতাৰে আজিৰ পৰা গেলেকা বালিজানৰ পথাৰৰ দক্ষিন দিশৰ পাহাৰৰ নামনিত সৌৰচালিত বৈদ্যুতিক বেৰা নিৰ্মানৰ কাম আৰম্ভ কৰে । ধান পকাৰ সময়ৰ বাবে অস্থায়ীভাৱে নিৰ্মান কৰা এই বেৰাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বিশ্ব প্ৰকৃতি নিধিৰ সহযোগত বন বিভাগে যোগান ধৰিছে গাওঁবাসীক ।আজি বনবিভাগৰ উদ্যোগত সৌৰচালিত বৈদ্যুতিক বেৰা সঁজুলি সমুহ আনুষ্ঠানিক ভাৱে প্ৰদান কৰাৰ লগতে বেৰৰ খুটা পোতাৰ কামো আৰম্ভ কৰা হয় । বন বিভাগৰ হৈ ৰাজেন পানিকা, বিশ্ব প্ৰকৃতি নিধিৰ সমন্বয়ক ড০ জয়ন্ত গগৈ, ভুমিৰ সভাপতি পৰিৱেশ কৰ্মী উত্তম শইকীয়াই এই সঁজুলি সমুহ জনসাধাৰণৰ হাতত অৰ্পণ কৰি খুটা পোতা কাৰ্যতো সহায় কৰে । 

উল্লেখ্য যে ‍৩.৫ কিলোমিটাৰ দৈৰ্ঘৰ এই সৌৰচালিত বৈদ্যুতিক বেৰাখন পৰিচালনাৰ বাবে স্থানীয় লোকে ইতিমধ্যেই এখন পৰিচালনা সমিতিও গঠন কৰিছে । পৰিচালনা সমিতি খনৰ সম্পাদক বিমল প্ৰজাই জনোৱা মতে এই সৌৰচালিত বৈদ্যুতিক বেচৰকাৰী বাবে আমি বহুত আশাৰে বাট চাই আছিলো । আশা কৰিছো এইবাৰ আমি বছৰৰ ভাত মুঠি ৰক্ষা কৰিব পাৰিম । এই বেৰাই আমাকেই নহয় বোকাখাতৰ বহু গাওঁৰ ধানৰ পথাৰ বনৰীয়া হাতীৰ উপদ্ৰপৰ পৰা ৰক্ষা কৰিব । মন কৰিবলগীয়া যে গেলেকা বালিজান বনৰীয়া হাতীৰ কৰিডৰত অৱস্থিত নহয় যদিও ধান প্ৰকাৰ সময়ত পথাৰৰ পকা ধানৰ সন্ধানত এই অঞ্চলেৰেই বনৰীয়া হাতীৰ জাক কাৰ্বি পাহাৰৰ বনাঞ্চলৰ পৰা নামি আহে । পথাৰৰ ধান অনিষ্ট কৰাৰ বাবেই মানুহ আৰু হাতীৰ সংঘাত বৃদ্ধি পায় । আমাক বছৰৰ ধান মুঠি ৰক্ষা কৰাত সহায় কৰক বুলি অনুৰোধ জনায় গেলেকা বালিজানৰ উদ্যমী কৃষক টংকেশ্বৰ বৰাইকে । আমাক সৌৰ চালিত বৈদ্যুতিক বেৰা দি সহায় কৰাৰ বাবে আমি বন বিভাগ, বিশ্ব প্ৰকৃতি নিধি আৰু ভূমিক ধন্যবাদ জনাইছো । ৰাইজৰ অনুৰোধৰ বাবে বোকাখাতৰ গেলেকা বালিজান পথাৰত একেবাৰে পৰীক্ষামুলক আৰু সাময়িকভাৱে সৌৰচালিত বৈদ্যুতিক বেৰা দিয়া হৈছে । পথাৰৰ ধান কটাৰ শেষত এই বেৰা সামৰি থব পাৰিব গেলেকা বালিজানৰ ৰাইজে বুলি অৱগত কৰে বিশ্ব প্ৰকৃতি নিধিৰ সমন্বয়ক তথা গৱেষক ড০ জয়ন্ত গগৈয়ে । উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ কাষৰীয় অঞ্চলত হাতী মানুহৰ সংঘাত নিয়ন্ত্ৰনৰ বাবে বিশেষ তৎপৰতাৰে কেতবোৰ পদক্ষেপ হাতত লৈছে সঞ্চালক ড০ সোনালী ঘোষে ।

***********