টাই আহোম জনগোষ্ঠীৰ নেতা অশ্বিনী চেতিয়াৰ দেহৱসান

টাই আহোম জনগোষ্ঠীৰ নেতা অশ্বিনী চেতিয়াৰ দেহৱসান
টাই আহোম জনগোষ্ঠীৰ নেতা অশ্বিনী চেতিয়াৰ দেহৱসান

 

টাই আহোম জনগোষ্ঠীৰ নেতা, নতুন প্ৰজন্মৰ সু সংগঠক,সুবক্তা,এজন বলিষ্ঠ যুৱনেতাৰ অকাল বিয়োগত শোকৰ ছাঁ পৰিছে শিৱসাগৰত। যোৱা নিশা 12.15 মিনিটত 49বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।বিগত কিছুদিন গুৱাহাটী হেল্থ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছিল। অৱশ্যে অশ্বিনী চেতিয়াৰ নেতৃত্বত সদৌ টাই আহোম ছাত্ৰ সন্থা সংগঠনতোৱে আজিৰ সময়ত উপনীত হ'লহি। এই সংগঠনটো বাবে তেওঁ অহুপুৰুষাৰ্থ কৰি সৱল নেতৃত্বতৰে গঢ় দি গ'ল। আহোম জনগোষ্ঠীৰ উজনিৰ এগৰাকী শক্তিশালী নেতাই সদৌ টাই আহোম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ শেহতীয়াকৈ বিজেপি দলত যোগদান কৰে। যোৱা বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা "অসম সংগ্ৰামী মঞ্চ'" হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও পৰাজিত হয়।  মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু সন্তানৰ লগতে আত্মীয় সকলক এৰি থৈ যায়। তেখেতৰ মৃত্যুত শোকষ্তব্ধ শিৱসাগৰৰ লগতে জন্ম স্থান হাহচৰা নপাম চেতিয়া গাঁৱবাসী।