গোলাঘাট আৰু নলবাৰী জিলা শীঘ্ৰে ৰেডজনৰ পৰা বাহিৰত

গোলাঘাট আৰু নলবাৰী জিলা শীঘ্ৰে ৰেডজনৰ পৰা বাহিৰত
ৰেডজন

অসমীয়া লোকৰ কৰনা নহয় বুলি সৃষ্টি হোৱা ধাৰণা ভুল প্রমাণিত হৈছে৷ মাত্র যোৱা ২৪ ঘণ্টাত নতুন দিল্লীত ১০জন অসমীয়া লোক কৰনাত আক্রান্ত হৈছে৷ সমান্তৰালভাৱে অসমত সামূহিক সংক্রমণৰ আশংকা কৰা হৈছে- এই মন্তব্য স্বস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আনহাতে অসমত শেহতীয়াকৈ দুজন নতুন লোক কৰনা ৰোগত আক্রান্ত হৈছে যদিও আজি চিকিৎসালয়ত সুস্থ হৈ উঠা দুজন কৰনা ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়৷ অসমত ৰেড জনৰ সংজ্ঞা অহা ২-৩ দিনত সলনি হোৱাৰ সম্ভাৱনা আছে বুলি সদৰী কৰি ইতিমধ্যে ৰেড জনৰ অন্তর্ভুক্ত জিলা গোলাঘাট আৰু নলবাৰী জিলা এই জনৰ পৰা ওলাই যোৱাৰ সম্ভাৱনা আছে বুলি কয়৷ যোৱা প্রায় এটা পষেক এই দুখন জিলাৰ পৰিস্থিতি স্বাস্থ্য বিভাগে পর্যবেক্ষণত থকা বুলি তেওঁ কয়৷