বোকাখাতত আৰক্ষীৰ জালত দুই গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী : উদ্ধাৰ এটা গঁড়ৰ খৰ্গ :

বোকাখাতত আৰক্ষীৰ জালত দুই গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী  : উদ্ধাৰ এটা গঁড়ৰ খৰ্গ  :
Aiidesh Photo

বোকাখাতত আৰক্ষীৰ জালত দুই গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী  : উদ্ধাৰ এটা গঁড়ৰ খৰ্গ  :

 Aiidesh News  :  30th August  : 

বোকাখাত আৰক্ষীয়ে চলোৱা এক বিশেষ  অভিযানত আজি গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত দুজন ব্যক্তিক  আটক কৰে ৷ এক গোপন সুত্ৰ আধাৰত মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাৰ নেতৃত্বত চলোৱা এই অভিযানত বোকাখাত আৰক্ষীয়ে বোকাখাতৰে চিপাহী গাওঁৰ নিজৰ বাসগৃহৰ পৰা ভক্ত বাহাদুৰ থাপা নামৰ এজন লোকক আটক কৰে ৷ ধৃত লোকজনৰ ঘৰত চলোৱা তালাচীৰ সময়ত অভিযানকাৰী আৰক্ষীৰ দলে এটা মোনাত ভৰাই লুকুৱাই থোৱা এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত ধৃত ভক্ত বাহাদুৰ থাপাৰ স্বীকাৰোক্তিৰ আধাৰত বোকাখাত আৰক্ষীয়ে অভিযান চলায় বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ সমীপৰ পৰা বোকাখাত আমটেঙা গাওঁ নিৱাসী বোধেশ্বৰ চিন্তে ওৰফে বুধাই চিন্তেক গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়়িত থকাৰ অপৰাধত আটক কৰে  ৷ উল্লেখ্য যে ভক্ত বাহাদুৰ থাপা কাজিৰঙাৰ গঁড়ৰ চোৰাং চিকাৰৰ সৈতে পুৰ্বৰ পৰাই জড়িত বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ  ৷

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাত থকাৰ অপৰাধত বোধেশ্বৰ চিন্তেক একাধিক বাৰ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এই সংক্ৰান্তত কাৰ্বি আংলং জিলাৰ ৰংবংৱে আৰু বোকাখাত থানাতো বোধেশ্বৰ চিন্তেৰ নামত একাধিক গোচৰ পঞ্জীয়ন হৈ আছে ৷ একেদৰে ভক্ত বাহাদুৰ থাপাৰ নামতো বিগত সময়চোৱাত খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগ আছে ৷

কাজিৰঙাত গঁড় হত্যা বহু পৰিমানে নিয়ন্ত্ৰিত হোৱাৰ সময়ত গঁড়ৰ খৰ্গ উদ্ধাৰ হোৱা কাৰ্য অতিকে তাৎপৰ্যপুৰ্ণ বুলি বিবেচিত হৈছে ৷ এনে পটভুমিত বোকাখাত আৰক্ষীয়ে আজি আটক কৰা ব্যক্তি দুজনে  কাজিৰঙাত গঁড় হত্যা কৰি খৰ্গ সংগ্ৰহ কৰিছিলনে নাই এতিয়াও জানিব পৰা হোৱা নাই যদিও অধিক তথ্যৰ বাবে ধৃত লোক দুজনৰ জেৰা অব্যাহত ৰাখিছে বোকাখাত আৰক্ষীয়ে  ৷ ইফালে ফৰেনচিক গৱেষণাৰ তথ্যৰ পিচতহে উদ্ধাৰ হোৱা গঁড় খৰ্গটো আচল নে নকল জানিব পৰা যাব ৷

******