বোকাখাত পৌৰসভাৰ এলানি বিভাগীয় আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মন্ত্ৰী অতুল বৰাই :

বোকাখাত পৌৰসভাৰ এলানি বিভাগীয় আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মন্ত্ৰী অতুল বৰাই  :
Photo : Uttam Saikia
বোকাখাত পৌৰসভাৰ এলানি বিভাগীয় আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মন্ত্ৰী অতুল বৰাই  :

বোকাখাত পৌৰসভাৰ এলানি বিভাগীয় আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মন্ত্ৰী অতুল বৰাই  :


AIIDESH NEWS. 22 June :


আজি বোকাখাত পৌৰসভা এলেকাত এলানি বিভাগীয় আঁচনিৰ শুভাৰম্ভ কৰে কেবিনেট মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই ৷ এই লানি অনুষ্ঠানেৰে মন্ত্ৰী গৰাকীয়ে বোকাখাত পৌৰসভাৰ অধীনৰ ৫ টা পথৰ পকী নলা আৰু ৪ টা পেভাৰ ব্লক পথৰ কামৰ আনুষ্ঠানিক আৱে শুভাৰম্ভ কৰে ৷ পৌৰসভাৰ অধীনত নিৰ্মাণ হ'ব লগীয়া এই আঁচনি বোৰৰ  ৪ টা পেভাৰ ব্লক পথৰ বাবে ৪৯.২৫ লাখ টকা আৰু ৫ টা পকী নলাৰ বাবে ১.৪৮ কোটি টকাৰ অনুমোদন  লাভ কৰিছে বোকাখাত পৌৰসভাই  ৷  এই আঁচনিৰে বোকাখাত পৌৰসভাৰ চাৰিটা ৱাৰ্ডেতে একোটাকৈ পেভাৰ ব্লক পথ আৰু ১,২ আৰু ৩ নং ৱাৰ্ডত একোটাকৈ আৰু ৩ নম্ব ৱাৰ্ডত দুটা পকী নলা নিৰ্মান কৰাৰ বাবে আজি আনুষ্ঠানিক ভাৱে কাম আৰম্ভ কৰা হয় ৷ আজিৰ এই লানি আঁচিৰ উদ্বোধন কৰি  মন্ত্ৰী অতুল বৰাই স্থানীয় ৰাইজক নিৰ্মাণ কাৰ্য্য সমূহ চৰকাৰী নিয়ম নীতিৰ মতে সম্পাদন হৈছে নে নাই -তাৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনায় ৷ লগতে ৰাইজৰ সহায় সহযোগিতাও কামনা কৰে ৷ শুভাৰম্ভণী অনুস্থান সমূহত মহকুমাধিপতি বিবেক শ্যাম ,কাৰ্য্যবাহী বিষয়া মানস নাথ, প্ৰাক্তন পৌৰপতি চিত্ৰা কাৰ্ডং, প্ৰাক্তন উপপৌৰপতি , সঞ্জীৱ শইকীয়া , জেষ্ঠ নাগৰিৰ ভৱেশ শইকীয়া , অসম গণ পৰিষদ দলৰ বোকাখাত জিলা সভাপতি জগত কলিতা, ভৰতীয় জনতা পাৰ্টী  মণ্ডল সভাপতি জীৱেশ্বৰ হাজৰিকা আদিও উপস্থিত থাকে ৷