বোকাখাতৰ লতাবাৰীত শিক্ষক গুলীয়াই মটৰচাইকেল কাঢ়ি নিয়াৰ ঘটনাৰ নতুন মূৰ : এজনক কৰায়ত্ব : আৰক্ষীৰ গুলীত আহত অভিযুক্ত :

বোকাখাতৰ লতাবাৰীত শিক্ষক গুলীয়াই মটৰচাইকেল কাঢ়ি নিয়াৰ ঘটনাৰ নতুন মূৰ : এজনক কৰায়ত্ব : আৰক্ষীৰ গুলীত আহত অভিযুক্ত  :
Aiidesh Photo

Aiidesh News  : 17 November 2023  :

বোকাখাতৰ লতাবাৰীত ১৬ নবেম্বৰৰ বিয়লি সংঘৰ্টিত শিক্ষকক গুলীয়াই মটৰচাইকেল কাঢ়ি নিয়া ঘটনাৰ সন্দৰ্ভত অভিযান চলাই থকা বোকাখাত আৰক্ষীৰ গুলীত আহত হৈছে উল্লেখিত ঘটনাৰ অন্যতম অভিযুক্ত বাবু শইকীয়া ওৰফে নোমল ৷ আজি পুৱা কৰায়ত্ব কৰাৰ পিচত বাবু শইকীয়াক অনুসন্ধান আৰু ব্যবহৃত পিষ্টল উদ্ধাৰ কৰিবৰ বাবে অগৰাতলিলৈ নিয়াৰ সময়ত বাবু শইকীয়াই আৰক্ষী কনিষ্টবল অজয় নাথক আক্ৰমন কৰি আহত কৰে আৰু পলাবলৈ চেষ্টা কৰে ৷ আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰা বাবু শইকীয়ালৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলী চলোৱাত বাবু শইকীয়াৰ সোঁভৰিত গুলী লাগে আৰু আৰক্ষীয়ে বাবু শইকীয়াক পুনৰ কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি বোকাখাতৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰাৰ পিচত যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে ৷ ইফালে বাবু শইকীয়াৰ আক্ৰমনত আহত অজয় নাথ নামৰ কনিষ্টবল জনকো চিকিৎসাৰ বাবে যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ ঘটনাৰ সময়ত আৰক্ষীৰ অভিযান অব্যহত আছে ৷ 

প্ৰাপ্য তথ্য মতে অভিযুক্ত বাবু ওৰফে নোমল শইকীয়াৰ ঘৰ বোকাখাতৰ অগৰাতলিত আৰু পেচাত এজন ড্ৰাইভাৰ বুলি জানিব পৰা গৈছে ৷ বাবু ওৰফে নোমল শইকীয়া মটৰচাইকেল চুৰি কাৰ্যৰ উপৰিও গঁড় খৰ্গৰ চোৰাং কাৰবাৰ আদি বিভিন্ন অপৰাধ কাৰ্যত জড়িত বুলি জানিব পৰা গৈছে ৷ ১৬ নৱেম্বৰৰ ঘটনাৰ সৈতে বাবু শইকীয়াৰ লগত আৰু ব্যক্তি জড়িত থকাৰ তথ্য লাভ কৰিছে বোকাখাত আৰক্ষীয়ে আৰু অচিৰেই সকলোকে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব বুলিও আৰক্ষীয়ে জনাইছে ৷

*******