গোলাঘাট জিলা কবি সন্মিলনৰ আৰু বোকাখাত মহকুমা কবি সন্মিলনৰ উদ্যোগত বোকাখাতত
Aiidesh News : 11August - 2025 :
গোলাঘাট জিলা কবি সন্মিলনৰ উদ্যোগত আৰু বোকাখাত মহকুমা কবি সন্মিলনৰ সহযোগত ১০ আগষ্টত বোকাখাত সমজিলাৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত "ৰিমঝিম শাওনৰ কবিতাৰ আবেলি" শীৰ্ষক কবি সন্মিলনৰ লগতে গ্ৰন্থতে উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানৰ আৰম্ভনীতেই প্ৰয়াত কবি ৰাম গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মহকুমা কবি সন্মিলনৰ সভাপতি নিজৰা বৰঠাকুৰে । পৰৱৰ্তী সময়ত জিলা সভাপতি অমৰ শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজুমনি বেজবৰুৱা আৰু নুমলীগড় শোধনাগাৰৰ মূখ্য প্ৰবন্ধক কবি ড৹ কাজল শইকীয়াক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানতে ১৮ জন কবিৰ কবিতা সংকলন শঙ্খ নিনাদ উন্মোচন কৰে ড৹ কাজল শইকীয়াই । বিশিষ্ট কবি অজিত গগৈৰ সঞ্চালনাত হোৱা কবিতা পাঠ অনুষ্ঠানত ন- পুৰনি প্ৰায় ডেৰ কুৰি কবিয়ে অংশলৈ কবিতা পাঠ কৰে । অনুষ্ঠানত গোলাঘাট জিলা সাহিত্য সভাৰ উপ সভাপতি মুহিৰাম লইং, কবি মিনতি দলে, অৱসৰী প্ৰশাসনিক বিষয়া উৎপল দলে, ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বগাই চিন্তে, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতা, জেষ্ঠ নাগৰিক ৰাজেন্দ্ৰ প্ৰসাদ নিমোদীয়া, অপূৰ্ব বৰদলৈ আদি লোক সকল উপস্থিত থাকে ৷
**********