আজিৰে পৰা যোৰহাটত কৰো'নাৰ ৰেণ্ডম টেষ্ট !

আজিৰে পৰা যোৰহাটত কৰো'নাৰ ৰেণ্ডম টেষ্ট !

কৰো'না ভাইৰাছৰ সামাজিক সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ৰাজ্য চৰকাৰে ৰাজ্যজুৰি এক লাখ ৰেণ্ডম টেষ্ট কৰিবলৈ লৈছে। সেই মৰ্মে আজিৰ পৰা যোৰহাট জিলাৰ বিভিন্ন স্থানত এই টেষ্ট আৰম্ভ কৰিব জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে। সেই মৰ্মে আজি অৰ্থাৎ ১৮ জুনত প্ৰথমে আৰম্ভ কৰা হয়  যোৰহাট বিমান বন্দৰত,। ১৯ জুনত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ  কাৰ্যলয়ত হব । ২০ জুনত ভাস্কৰ পেট্ৰোল দিপুত, NRL  পেট্ৰোল পাম্প আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাবাসমূহত টেষ্ট কৰা হব  , । তদুপৰি ২১ তাৰিখে, কৰ্মচাৰী পৰিষদৰ কাৰ্যলয় , ২২ জুনত যোৰহাটৰ বি বি ডিছপেনচেৰী  ,২৩ তাৰিখে মৰিয়নি মিনি পি এইছ চিত , ২৪ তাৰিখে জ'নেল স্ক্ৰিনিং চেণ্টাৰত এই পৰীক্ষা কৰা হব। ইয়াৰ পৰবৰ্তী সময়তো একেদৰে ৰাজহুৱা স্থান ,অনুষ্ঠান পতিষ্ঠান আদিত কৰো'নাৰ ৰেণ্ডম টেষ্ট কৰা হব।