কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব আৰ্দ্ৰভুমি দিৱস উদযাপন : ছাত্ৰ ছাত্ৰীৰ দ্বাৰা উদ্যানৰ আৰ্দ্ৰভুমি পৰিদৰ্শন :

Aiidesh News : 2 February  2024 : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত আজি বিশ্ব আৰ্দ্ৰভূমি দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত গোটৰ উদ্যোগত হাতীখুলি আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও স্থানীয় ছাত্ৰ ছাত্ৰীৰ এটা দলে অনুষ্ঠানত অংশ গ্ৰহন কৰে ৷ উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ছাত্ৰ ছাত্ৰীৰ দলক প্ৰথমতেই কঁহৰাৰ শতবৰ্ষ সমাৰোহ কেন্দ্ৰত কঁহৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈয়ে আদৰণি জনায় ৷ পিচত ছাত্ৰ ছাত্ৰী সকলক জীপচিৰে কঁহৰা বনাঞ্চলৰ ডাফলাং বিলৰ পাৰলৈ লৈ যোৱা হয় ৷ ডাফলাং বিলৰ পাৰত অৱস্থিত দৰ্শন চূড়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৱ নিযুক্ত জীৱবিজ্ঞানী অংশুমান গগৈ আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ অৱসৰ প্ৰাপ্ত বনাঞ্চলিক বিষয়া প্ৰদীপ গোস্বামীয়ে কাজিৰঙাৰ পটভুমিত আৰ্দ্ৰভুমিৰ প্ৰয়োজনীয়তা আৰু সংৰক্ষণৰ বিষয়ে ছাত্ৰ ছাত্ৰী সকলক অৱগত কৰে ৷ 

প্ৰথম বাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ সুবিধা পোৱা ছাত্ৰ ছাত্ৰী সকলে ডাফলাং বিলৰ হাতী, গঁড়, ম'হ আৰু পহুৰ জাকৰ উপৰিও বিভিন্ন প্ৰজাতি পৰিভ্ৰমী চৰাই দেখি উৎফুল্লিত হৈ পৰে ৷ পৰিবেশকৰ্মী উত্তম শইকীয়াই আঁত ধৰা বিশ্ব আৰ্দ্ৰভুমি দিৱসৰ আজিৰ কাৰ্যসুচীত ডাফলাং বিলৰ উপৰিও কাঠপৰা দৰ্শনচূড়া আৰু মিহি বিলো ছাত্ৰ ছাত্ৰী সকলক দেখুৱা হয় ৷ 

*******