কলিয়াবৰৰ পথ দুৰ্ঘটনাত বন্ধুৰ বিয়াৰ বৰযাত্ৰী হৈ যোৱা বোকাখাতৰ ৫ জন যুৱকৰ শোকাবহ মৃত্যু :

কলিয়াবৰৰ পথ দুৰ্ঘটনাত বন্ধুৰ বিয়াৰ বৰযাত্ৰী হৈ যোৱা বোকাখাতৰ ৫ জন যুৱকৰ শোকাবহ মৃত্যু  :
Aiidesh Photo

কলিয়াবৰৰ পথ দুৰ্ঘটনাত বন্ধুৰ বিয়াৰ বৰযাত্ৰী হৈ যোৱা বোকাখাতৰ ৫ জন যুৱকৰ শোকাবহ মৃত্যু  :

Aiidesh News  : 23 rd November  :

নিজৰ বন্ধুৰ বিয়াৰ বৰযাত্ৰী হিচাবে ওলাই গৈ ওভটি নাহিল বোকাখাতৰ পাঁচ জনকৈ যুৱক ৷ মংগলবাৰৰ দিনা বোকাখাতৰ লতাবাৰীত থকা ৰাজহুৱা শ্মশানত অগনন লোকৰ উপস্থিতিত পঞ্চভুতত বিলীন হৈ গ'ল এই পঞ্চবন্ধুৰ পাৰ্থিব শৰীৰ ৷ পৰিয়ালৰ লগতে বোকাখাত অগনন লোকে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে পঞ্চবন্ধু ৷ 

বোকাখাতৰ পৰা তেজপুৰ ঠেলামৰালৈ বন্ধুৰ বিয়াৰ বৰযাত্ৰী যাত্ৰী হিচাবে যোৱা বোকাখাতৰ এই যুৱক কেইজন সোমবাৰৰ নিশা কলিয়াবৰৰ হাতীয়েখোৱাত সংঘৰ্টিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় ৷ নিজৰ বন্ধুৰ বিয়াত বৰযাত্ৰী হৈ যোৱা পাঁজনকৈ যুৱকৰ মৃত্যুত শোকাস্তব্ধ হৈ পৰিছে সমগ্ৰ বোকাখাত ৷ পথ দুৰ্ঘটনাত অতি শোকাবহ অৱস্থাত নিহত হোৱা এই যুৱক কেইজন হ'ল বোকাখাত কলাখোৱাৰ সমীৰ পাল, সন্দীপ কুমাৰ পাল, সঞ্জয় দাস, ম'হমাইকী গাওঁৰ বিবেক দাস আৰু বিকাশ শৰ্মা ৷ এই পাঁচোজন যুৱকেই অনান্য লোকৰ সৈতে এ এছ ০৫ কিউ ২৬৮৩ নম্বৰৰ এখন হোণ্ডাই আউৰা গাড়ীত উঠি বন্ধু গৌৰৱ ঘোষৰ বিয়াৰ বৰযাত্ৰী হৈ বোকাখাতৰ পৰা যোৱা নিশা তেজপুৰৰ ঠেলামৰালৈ বুলি যাত্ৰা কৰিছিল ৷ বৰযাত্ৰীৰ বাবে দুখন বাছৰো ব্যৱস্থা কৰা হৈছিল যদিও নিহত যুৱক কেইজনে পৃথকে হোণ্ডাই গাড়ীখন লৈ বৰযাত্ৰী হিচাবে যাত্ৰা কৰিছিল ৷ এই যাত্ৰাত কলিয়াবৰৰ চুলুংৰ সমীপৰ হাতীয়েখোৱাত বিপৰীত দিশৰ পৰা অহা এখন বিস্কুট অনা ইউ পি ৩৭ এ টি ২৭৬৫ নম্বৰৰ ট্ৰাকখনৰ সৈতে হোৱা সংঘৰ্ষত থিতাতে নিহত হয় এই হোণ্ডাই আউৰাত যোৱা পাঁচোজন সুঠাম যুৱকৰ ৷ মৃত ৫ জন যুৱকৰ ৪ জন অবিবাহিত আছিল যদিও সন্দীপ কুমাৰ পাল আছিল বিবাহিত ৷ মৃত্যুৰ সময়ত সন্দীপে এটি ৩ বছৰীয়া এটি সন্তান আৰু সম্ভৱা পত্নীক এৰি থৈ গৈছে  ৷ শোকাৱহ পথ দুৰ্ঘটনাত পাঁচ বন্ধুয়ে একেলগে প্ৰাণ দিয়া ঘটনাৰ পিচত নিহত যুৱককেইজনৰ ঘৰৰ উপৰিও সমগ্ৰ বোকাখাততে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়  ৷ ঘটনাৰ পিচত নগাওঁৰ অসামৰিক চিকিৎসালয়ত মৰোনোত্তৰ পৰীক্ষা কৰি বোকাখাতৰ লতাবাৰীৰ ৰাজহুৱা শ্মশানত পাঁচোজন যুৱকৰে শেষকৃত সম্পন্ন কৰা হয় ৷