কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত মাতৃহাৰা গঁড় পোৱালী উদ্ধাৰ : বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ :
Aiidesh News : 22 January - 2026 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বুঢ়াপাহাৰ ৰেঞ্জৰ শৰালী বনশিৱিৰ এলেকাত ২১ জানুৱাৰীত বনকৰ্মীয়ে এটা মাতৃহাৰা পোৱালী গঁড় উদ্ধাৰ কৰে । কনমানি গঁড়ৰ পোৱালীটো উদ্ধাৰ হোৱাৰ পিচত ৰাষ্ট্ৰীয় উদ্যানখনৰ ডি এফ অ’ অৰুণ বিঘ্নেশ শ্ৰীধৰনৰ নেতৃত্বত যোৱা বনকৰ্মীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মাতৃহাৰা গঁড় পোৱালীটোৰ মাকৰ সন্ধানত সমগ্ৰ বনাঞ্চলত তালাচী অভিযান আৰম্ভ কৰে । মাতৃৰ সন্ধানত বনাঞ্চলত বিভাগীয় হাতী, ড্ৰোন আৰু বন কৰ্মী সকলৰ দ্বাৰা নিচিদ্ৰ অভিযান চলোৱা হয় যদিও মাতৃ গঁড় জনীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নহয় ।
উদ্ধাৰৰ পিচতেই জন্মৰ মাত্ৰ ৭ / ১০ দিন মান হোৱা গঁড় পোৱালীটোক বন বিভাগৰ বিভাগীয় পশু চিকিৎসক ডা০ সৌৰভ বৰগোহাঁই ,বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জেষ্ঠ পশু চিকিৎসক ডা০ ভাস্কৰ চৌধুৰী আৰু ডা০ মোহিত নাওলে ঘটনাস্থলীতে তাৎক্ষণিক ভাৱে স্বাস্থ্য পৰীক্ষা আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰে । ২৪ ঘণ্টাতকৈও অধিক সময় ধৰি ধাৰাবাহিক অভিযান চলাইও মাতৃ গঁড়জনীৰ সন্ধান নোপোৱাৰ বাবে আজি বিয়লি মাতৃহাৰা গঁড় পোৱালীটোক উদ্ধাৰ কৰি অনাৰ সিদ্ধান্ত গ্ৰহন কৰি বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হয় । সম্প্ৰতি এই কেন্দ্ৰত গঁড় পোৱালীটোৰ প্ৰতিপালন আৰু স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰা কৰাৰ লগতে গাখীৰ আৰু চেলাইন আদি দিয়াৰ ব্যৱস্থা কৰিছে পশু চিকিৎসক সকলে ।
**********







