বোকাখাতৰ বিহৰা চাহ বাগিচাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত চাঞ্চল্যকৰ ঘটনা : চলন্ত গাড়ীতে চালকক জ্বলাই দিবলৈ কৰা প্ৰচেষ্টাৰ অভিযোগ :

বোকাখাতৰ বিহৰা চাহ বাগিচাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত চাঞ্চল্যকৰ ঘটনা  : চলন্ত গাড়ীতে চালকক জ্বলাই দিবলৈ কৰা প্ৰচেষ্টাৰ  অভিযোগ  :
Aiidesh Photo

Aiidesh News  : 28 October  2023  :

কাজিৰঙাৰ পৰা যোৰহাটলৈ বুলি গৈ থকা এখন টিগ'ৰ গাড়ীৰ আৰোহীয়ে চলন্ত গাড়ীৰ ভিতৰতে চালকক আক্ৰমন কৰি জ্বলাই দিবলৈ কৰা বোকাখাতৰ বিহৰাত চলন্ত গাড়ীতেই চালকক জ্বলাই দিয়াৰ চেষ্টা কৰাৰ ঘটনাই সমগ্ৰ বোকাখাততেই চাঞ্চল্যৰ সৃষ্টি কৰে ৷ আজি বিয়লি বোকাখাতৰ বিহৰা চাহ বাগিচাৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় পথতে এই ঘটনা সংঘৰ্টিত হয় ৷

প্ৰাপ্য তথ্য মতে যোৰহাট গড়মূৰৰ মন্টু হাজৰিকা নামৰ লোকজনে কাজিৰঙালৈ যোৱাৰ বাবে এ এছ ০৩ এ বি ০৬৯৬ নম্বৰৰ টিগৰ গাড়ীখন ভাড়ালৈ লয় আৰু যোৰহাটৰ পৰা কাজিৰঙালৈ আহে ৷ কাজিৰঙাত কিছু সময় কটায় কাম নহ'ল বুলি পুনৰ যোৰহাটলৈ ওভটাৰ সময়ত বোকাখাত মহকুমাৰ বিহৰা চাহ বাগিচাৰ সমীপত ৩৭ ৰাষ্ট্ৰীয় পথতে চলন্ত গাড়ীৰ খনত চালক প্ৰফুল্ল বৰাক জ্বলাই দিয়াৰ চেষ্টা বাবে আক্ৰমন কৰে আৰোহী হিচাবে যোৱা মন্টু হাজৰিকাই ৷ পৰিস্থিতিৰ ভয়াবহতা দেখি গাড়ী ৰখাই চালক প্ৰফুল্ল বৰাই পলাবলৈ চেষ্টা কৰোতে মন্টু হাজৰিকাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷  ঘটনা প্ৰত্যক্ষ কৰা স্থানীয় লোকে আগবাঢ়ি আহে যদিও মন্টু হাজৰিকাই স্থানীয় লোককো আক্ৰমন কৰে ৷

পিচত সমবেত লোকে চালক প্ৰফুল্ল বৰাক উদ্ধাৰ কৰাৰ লগতে মন্টু হাজৰিকাক কৰায়ত্ব কৰি বোকাখাত আৰক্ষীক চমজাই দিয়ে ৷ ঘটনাৰ সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ ইফালে আৰক্ষী আগত দিয়া স্বীকাৰোক্তি মতে চালক প্ৰফুল্ল বৰাইহে গাড়ীৰ ভিতৰতে তেওঁ জ্বলাই দিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰিছে মন্টু হাজৰিকাই ৷ এতিয়া আৰক্ষীৰ তদন্তহে প্ৰকৃত সত্য পোহৰলৈ আহিব ৷

*********