বোকাখাত আৰক্ষীৰ অভিযান : দুই মটৰ চাইকেল চোৰক কৰায়ত্ব : মটৰ চাইকেল উদ্ধাৰ :

বোকাখাত আৰক্ষীৰ অভিযান  : দুই মটৰ চাইকেল চোৰক কৰায়ত্ব  : মটৰ চাইকেল উদ্ধাৰ  :
Aiidesh Photo

Aiidesh News  :  29 October 2023  : 

দূৰ্গা পুজাৰ সময় চোৱাতে বোকাখাত সংঘৰ্টিত হোৱা এলানি মটৰ চাইকেল চুৰি ঘটনাৰ পিচত বোকাখাত আৰক্ষীয়ে অভিযান চলাই ২৮ অক্টোবৰৰ নিশা  দুই মটৰ চাইকেল চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে । এই দুই যুৱকে বোকাখাত আৰক্ষীৰ চকুত ধুলি দি বোকাখাতৰ বিভিন্ন অঞ্চলৰ পৰা মটৰ চাইকেল চুৰি কৰি আহিছিল ৷

২৮ অক্টোবৰৰ নিশা বোকাখাত আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত বোকাখাতৰে সহদেৱ দলে আৰু কৰণ শীল নামৰ এই দুই মটৰ চাইকেল চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । প্ৰাপ্য তথ্য মতে যোৱা  এটা  সপ্তাহত ধৃত দুই যুৱকে চাৰিখনকৈ মটৰ চাইকেল চুৰি কৰিবলৈ সক্ষম হৈছিল । বোকাখাত আৰক্ষীৰ মতে সহদেৱ দলে নামৰ যুৱক জন ড্ৰাগচ আৰু মটৰ চাইকেল চুৰিৰ লগত পূৰ্বৰে পৰাই জড়িত । উল্লেখিত অপৰাধত সহদেৱ দলেক বোকাখাত আৰক্ষীয়ে পুৰ্বতে কেইবাবাৰো আটক কৰি জেললৈ প্ৰেৰন কৰিছিল যদিও জেলৰ পৰা ওলাই আহি সহদেৱ দলে পুনৰ চুৰি কাৰ্যত জড়িত হয় ।

উল্লেখ্য যে ধৃত দুই মটৰ চাইকেল চোৰৰ স্বীকাৰ উক্তিৰ ভিত্তিত বোকাখাত আৰক্ষীৰ এটা দলে নাগালেণ্ডৰ উষা জিলাৰ দুৰ্গম অঞ্চলৰ পৰা এখন পালচাৰ ২২০ মটৰ চাইকেলো  উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

*******