পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙাৰ অগৰাতলি বনাঞ্চল : কঁহৰা আৰু বাগৰি বনাঞ্চলতো পৰ্যটকৰ বাবে হাতী চাফাৰী আৰম্ভ :

পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙাৰ অগৰাতলি বনাঞ্চল  : কঁহৰা আৰু বাগৰি বনাঞ্চলতো পৰ্যটকৰ বাবে হাতী চাফাৰী আৰম্ভ  :
Aiidesh Photo
পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙাৰ অগৰাতলি বনাঞ্চল  : কঁহৰা আৰু বাগৰি বনাঞ্চলতো পৰ্যটকৰ বাবে হাতী চাফাৰী আৰম্ভ  :

Aiidesh News :  1 November 2023  : 

অক্টোবৰ মাহৰ ১৫ তাৰিখে বিশ্বৰ পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা আৰু বাগৰি বনাঞ্চলৰ জীপ চাফাৰী মুকলি কৰাৰ পিচত আজি ১ নবেম্বৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ পুৱৰ দুৱাৰ অগৰাতলি বনাঞ্চলত জীপ চাফাৰী পৰ্যটকৰ বাবে মুকলি কৰা হয় ৷ ইয়াৰ উপৰিও আজি বাগৰি আৰু কঁহৰা বনাঞ্চলত পৰ্যটকৰ বাবে হাতী চাফাৰী আৰম্ভ কৰা হয় ৷ 

আজি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সহকাৰী বন সংৰক্ষক আলোক চাক্সেনাই নাৰিকল ভাঙি ফিটা কাটি আনুষ্ঠানিক ভাৱে অগৰাতলি বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰে ৷ এই উপলক্ষে বনাঞ্চলটোৰ প্ৰৱেশদ্বাৰৰ কিংকোব্ৰা বনশিৱিৰৰ সমীপতে আয়োজিত উদ্বোধনী অনুষ্ঠানত বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, অগৰাতলি জীপ চাফাৰী সন্থাৰ সভাপতি অনিমেষ শইকীয়া, কৰবেট ফাউণ্ডেচনৰ উপ সঞ্চালক ডা৹ নবীন পাণ্ডে, ইমজা বোকাখাতৰ সম্পাদক সুদীপ্ত তামুলী উপস্থিত থাকে ৷ অগৰাতলি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাই আঁত ধৰা এই উদ্বোধনী অনুষ্ঠানত বোকাখাতৰ সাংবাদিক সকলৰ লগতে অগৰাতলিৰ বনকৰ্মী আৰু অগৰাতলি জীপ চাফাৰী সন্থাৰ সদস্য সকলো উপস্থিত থাকে ৷

উল্লেখ্য যে পৰিভ্ৰমী পক্ষী আৰু অতি বিৰল প্ৰজাতিৰ পুৰ্বাঞ্চলীয় দল হৰিণৰ বাবে বিখ্যাত অগৰাতলি বনাঞ্চললৈ ২০২২-২৩ পৰ্যটন বৰ্ষত ১৫,৭৪০ গৰাকী দেশীয় পৰ্যটক, ১০৬২ গৰাকী বিদেশী পৰ্যটক অহাৰ বিপৰীতে ৪২,১৫,৩৫০ টকাৰ ৰাজহ সংগ্ৰহ হয় ৷ ইয়াৰ লগতে বনাঞ্চলটোত ৰাষ্ট্ৰীয় উদ্যান খনৰ স্মাৰক সামগ্ৰী বিপনন কৰি ৩,২৪,৩৩৪ টকাও সংগ্ৰহ কৰে বন বিভাগে ৷ বাৰিষাৰ পিচত পৰ্য্যটকৰ বাবে পথ নিৰ্মানৰ কাম চলি থকাৰ বাবে সম্প্ৰতি অগৰাতলি বনাঞ্চলৰ পৰা ৰঙামটীয়া বন শিৱিৰলৈকে প্ৰসাৰিত ৯ কিলোমিটাৰ পথহে পৰ্যটকৰ বাবে আজি মুকলি কৰা হয় ৷ 

ইফালে আজিৰে পৰা  কাজিৰঙাৰ কঁহৰা আৰু বাগৰি বনাঞ্চলত পৰ্যটকৰ বাবে হাতী চাফাৰী আৰম্ভ কৰা হয় ৷  কঁহৰাৰ মিহিমুখ প্ৰৱেশ পথত পৰম্পৰিক হস্তী পূজাৰ পিচতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকা ড৹ সোনালী ঘোষে আনুষ্ঠানিক ভাৱে ফিটা কাটি পৰ্যটকৰ বাবে হাতী চাফাৰী উদ্বোধন কৰে । মিহিমুখত বন বিভাগৰ ৯ টা হাতীত উঠি দেশী বিদেশী ১১ জন পৰ্যটকে কাজিৰঙা দৰ্শন কৰে ৷ একেদৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ পশ্চিম বনাঞ্চল বাগৰিত ব্যক্তিগত মালিকানাৰ হাতীৰে পৰ্যটকৰ বাবে হাতী চাফাৰীৰ শুভাৰম্ভ কৰা হয় ৷

*********