জুৰীয়াৰ ফুৰহানআটি ৰহমানিয়া মাদ্ৰাছা স্কুলত উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ

 

মাদ্ৰাছা স্কুল খনৰ প্ৰধান শিক্ষকে সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ  scholarship ৰ নামত ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে । উল্লেখ্য যে নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত বালুচৰ ফুৰহানআটী ৰহমানীয়া এম ই মাদ্ৰাছাত সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বৃত্তি তথা scholarship দিয়াৰ নামত প্ৰধান শিক্ষকে টকা লোৱাৰ অভিযোগ উত্থাপন কৰিছে  একাংশ ছাত্ৰ ছাত্ৰী তথা অভিভাবকে । অভিযোগ অনুসৰি মুস্তাক আহমেদ, ইজাজুল হক, মুচাছিৰ আলম, কল্পনা খাতুন আৰু  ইশ্বাত আনোৱাৰ সপ্তম মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী কেইজনৰ পৰা প্ৰধান শিক্ষকে পাঁচ শ  কৈ টকা লৈ স্কুলাৰশ্বিপ প্ৰদান কৰিব বুলি কৈছিল। কিন্তু ছাত্ৰ-ছাত্ৰী সকলে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বৃত্তি নামত কোনো টকা পোৱা নাই। প্ৰধান শিক্ষককে স্কুলাৰশ্বিপৰ আবেদনৰ নামত ৫০০ টকাকৈ প্ৰতি জন ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰাৰ অভিযোগ  তুলি বুধবাৰে বিদ্যালয়ৰ সন্মুখত ছাত্ৰ ছাত্ৰী তথা অভিভাবক সকল উপস্হিত হৈ  প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আৰু অতি সোনকালে টকা খিনি ঘুৰাই দিয়াৰ দাবী জনায়। নহলে আইনৰ কাষ চাপিব বুলিও উল্লেখ কৰে । যি সময়ত সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বৃত্তিৰ নামত জিলা খনত লাখ লাখ টকাৰ দুৰ্নীতি পোহৰলৈ আহিছে সেই সময়ত এই  প্ৰধান শিক্ষক জনৰ  বিৰোদ্ধে চৰকাৰ তথা প্ৰশাসনে কিৱা ব্যৱস্থা লবনে সেয়া লাখ টকীয়া প্ৰশ্ন।